গুৱাহাটী, 19 ফেব্ৰুৱাৰী :অৱশেষত আহিল সেই উদ্বেগদনক খবৰটো ৷ নিশ্চিত হ’ল গুৱাহাটী মহানগৰীৰ খাৰঘূলী আৰু উজান বজাৰ পৰা নিৰুদ্দেশ হোৱা যুৱতী দুগৰাকীয়ে যোগ কৰিছে আলফা(স্বা)ত ৷ এই কথা নিশ্চিত কৰিলে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই (Two girls from Guwahati joined ULFA-I, confirms Assam DGP Bhaskar Jyoti Mahanta) ।
শনিবাৰে সংবাদ মাধ্যমৰ সম্মুখত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই মন্তব্য কৰে যে, কেৱল গুৱাহাটীয়েই নহয়, অসমৰ বহু যুৱক-যুৱতী গৈছে আলফালৈ ৷ সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা) আৰু চৰকাৰৰ শান্তি আলোচনা চৰ্চা অব্যাহত থকা সময়তে আলফা(স্বা) যোগদান দুগৰাকী যুৱতীয়ে বৃহস্পতিবাৰে আলফা(স্বা) যোগদান কৰা কথা পোহৰলৈ আহিছিল ।
জানিব পৰা মতে, আলফাত যোগ দিয়া যুৱতী দুগৰাকী খাৰঘূলী জয়পুৰৰ ক্ৰমে সৰস্বতী দাস আৰু ৰুমী ডেকা । গুৰুত্বপূৰ্ণ কথা যুৱতী দুগৰাকী ইতিমধ্যে আলফা(স্বা) শিবিৰত উপস্থিত হোৱা বুলিও এক খবৰ ওলাইছে । বিগত মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুয়োগৰাকী যুৱতী ।