গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী :গুৱাহাটী মহানগৰীৰ দুগৰাকী যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে । অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ নিশ্চিত তথ্য উন্মোচন হোৱা নাই (Two girl from guwahati suspected to join ulfa i) । খবৰ অনুসৰি, আলফা স্বাধীনত যোগদান কৰা যুৱতী দুগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ খাৰঘূলী আৰু উজান বজাৰত বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত তথ্য মতে, ১৫ ফেব্ৰুৱাৰীৰ পৰা যুৱতী দুগৰাকী সন্ধানহীন হৈ আছিল । দুদিন ধৰি সন্ধানহীন হৈ থকা যুৱতী দুগৰাকীয়ে আলফা স্বাধীনৰ কেম্পত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে । আলফা স্বাধীনত যোগদান কৰা যুৱতী দুগৰাকীৰ এগৰাকীয়ে ফাঁচী বজাৰৰ এখন দোকানত কাম কৰিছিল ।
গুৱাহাটীৰ দুগৰাকী যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ দুয়োগৰাকী যুৱতীয়ে ডিব্ৰুগড়ৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ যাও বুলি ঘৰৰ পৰা ওলাই গৈছিল ।
উল্লেখ যে, ইয়াৰ পূৰ্বেও অসম আৰক্ষী আৰু সেনা বাহিনীৰ দলে আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা অসমীয়া যুৱক-যুৱতীক উদ্ধাৰ কৰিছিল । ইফালে আলফা স্বাধীনৰ তৰফৰ পৰা শেহতীয়াভাৱে প্ৰকাশ কৰা বিবৃত্তি অনুসৰি আলফা স্বাধীনে সামাজিক মাধ্যমৰ জৰিয়তে কোনোধৰণৰ কেডাৰ নিযুক্তি নকৰে বুলি স্পষ্ট কৰি দি অসম আৰক্ষী আৰু ভাৰতীয় সেনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰক্ষীৰ নিচিনা ভূমিকা পালন কৰি নিজেই যুৱক-যুৱতী সকলক আলফালৈ আহ্বান জনাই নিজেই আটক কৰে বুলি অভিযোগ উত্থাপন কৰিছিল ।
আনহাতে, উক্ত কাৰ্যত সেনা-আৰক্ষীৰ সৈতে একাংশ সংবাদ মাধ্যম আৰু দল-সংগঠন জড়িত হৈ আছে বুলি অভিযোগ কৰি আলফা স্বাধীনে সকীয়নি দি তেনে কামৰ পৰা বিৰত থাকিবলৈ কঠোৰভাৱে নিৰ্দেশ দিছিল । কিন্তু তাৰ পাচতো শেহতীয়াকৈ পুনৰ দুগৰাকী যুৱতী আলফা স্বাধীনত যোগদান কৰি বুলি ওলোৱা খবৰে বিশেষ তাৎপৰ্য বহন কৰিছে ।
লগতে পঢ়ক :দুই আৰক্ষী জোৱান সহ তিনি যুৱকৰ আলফা স্বাধীনত যোগদান