অসম

assam

ETV Bharat / state

মহানগৰীত গ্ৰেপ্তাৰ দুই ভুৱা চিকিৎসক - ভুৱা চিকিৎসকৰ দৌৰাত্ম

ভুৱা প্ৰমাণ পত্ৰ দেখুৱাই প্ৰতীক্ষা হাস্পতালত দীৰ্ঘদিনৰ পৰা চিকিৎসা চলাই থকা দুই ভুৱা ডিগ্ৰীধাৰী চিকিৎসকক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে ৷ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত তদন্ত চলাই মনোৰঞ্জন ৰয় আৰু হৃষীকেশ ভূঞা নামৰ দুই ভুৱা চিকিৎসকক পাথৰ কুৱেৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৷

মহানগৰীত গ্ৰেপ্তাৰ দুই ভুৱা চিকিৎসক
মহানগৰীত গ্ৰেপ্তাৰ দুই ভুৱা চিকিৎসক

By

Published : Apr 23, 2021, 1:20 PM IST

গুৱাহাটী,23 এপ্ৰিল:মহানগৰীত ভুৱা চিকিৎসকৰ দৌৰাত্ম ৷ ভুৱা প্ৰমাণ পত্ৰৰে দীৰ্ঘদিনৰ পৰা চিকিৎসা চলাই থকা মহানগৰীৰ দুই চিকিৎসকক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে ৷ ভুৱা প্ৰমাণ পত্ৰ দেখুৱাই প্ৰতীক্ষা হাস্পতালত দীৰ্ঘদিনৰ পৰা চিকিৎসা চলাই থকা ভুৱা ডিগ্ৰীধাৰী চিকিৎসক ক্ৰমে মনোৰঞ্জন ৰয় আৰু হৃষীকেশ ভূঞাৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে তৰিছিল গোচৰ ৷ গোচৰৰ ভিত্তিতে ক্ৰাইম ব্ৰাঞ্চে চলোৱা তদন্তত বুধবাৰে ওৰে নিশা জেৰা চলাই বৃহস্পতিবাৰে পাথৰ কুৱেৰীৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োকে ৷

উল্লেখ্য যে, 2019 চনৰ পৰা প্ৰতীক্ষা হাস্পতালত কাম কৰি অহা দুই চিকিৎসকে হোমিওপেথিক ডিগ্ৰী লৈ MBBS বুলি পৰিচয় দি আহিছিল ৷ ভঙাগড় থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে দুই ভুৱা চিকিৎসকৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: সুদৰ ব্যৱসায় কৰি ৰঙাঘৰলৈ মিঠু দাস

ABOUT THE AUTHOR

...view details