গুৱাহাটী, ১৭ অক্টোবৰ :ৰাজকন্যা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই শনিবাৰে নিশা দিশপুৰৰ যান-বাহন শাখাৰ আৰক্ষীৰ জালত পৰে দুগৰাকী সুৰাসক্ত যুৱতী ৷ সুৰাৰ ৰাগীত মতলীয়া হৈ নিশাৰ মহানগৰীত বিলাসী বাহনত উঠি তাণ্ডৱ চলাইছিল যুৱতী দুগৰাকীয়ে । কিন্তু সৌভাগ্যক্ৰমে কোনো অঘটন সংঘটিত হোৱাৰ পূৰ্বে দিশপুৰৰ যান-বাহন আৰক্ষীৰ জালত পৰে যুৱতীদ্বয় ।
সুৰাসক্ত যুৱতী দুগৰাকীয়ে AR 01 N 1101 নম্বৰৰ হুণ্ডাই বাহনত সুৰাসক্ত হৈ ৰাজপথৰ মাজত উদ্ভণ্ডালি চলাইছিল । দিশপুৰৰ যান-বাহন আৰক্ষীয়ে লগে লগে থানালৈ লৈ আনে যুৱতী দুগৰাকীক ৷ কিন্তু সুৰাৰ ৰাগীত মতলীয়া যুৱতীদ্বয়ে থানাৰ ভিতৰতে আৰক্ষী আৰু সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে ৷ তদুপৰি সাংবাদিকক উদ্দেশ্যি থানাৰ ভিতৰৰ পৰা চেণ্ডেল আৰু চকী দলিয়াই দিয়ে ৷
আৰক্ষীয়ে কৰা পৰীক্ষাত ব্ৰেথ এনালাইজাৰত পোৱা সুৰাৰ পৰিমাপ আছিল 201 ।