নিউজ ডেস্ক, 10 নৱেম্বৰ:আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ ইফালে দেশৰ পাঁচ ৰাজ্যত চলি আছে সাধাৰণ নিৰ্বাচন ৷ শাসকীয় পক্ষৰ লগতে বিৰোধী শিবিৰো ব্যস্ত নিৰ্বাচনক লৈ ৷ অসমতো লোকসভা নিৰ্বাচনক লৈ শাসক বিৰোধী উভয়ৰে কুচকাৱাজ আৰম্ভ হৈছে ৷ কংগ্ৰেছে আন 14 টা বিজেপি বিৰোধী শক্তিক লগত লৈ গঠন কৰিছে বিৰোধী ঐক্য মঞ্চ ৷
কিন্তু ইয়াৰ মাজতে দুদিনৰ ভিতৰত কংগ্ৰেছৰ বাবে আহিছে দুটাকৈ বেয়া খবৰ ৷ বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নৱজ্যোতি তালুকদাৰে পদত্যাগ কৰাৰ পিচতে শুকুৰবাৰে প্ৰকাশ পাইছে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই দল ত্যাগ কৰাৰ বাতৰি ৷
প্ৰকাশিত খবৰ অনুসৰি সুৰেশ বৰাই একাংশ সমৰ্থকক লগত লৈ শুকুৰবাৰে জিলা সভাপতিৰ পদৰ লগতে কংগ্ৰেছৰ দলৰ সাধাৰণ সদস্যৰ পদো ত্যাগ কৰিছে ৷ অৱশ্যে এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷ নৱজ্যোতি তালুকদাৰে ইতিমধ্যেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ স্থানত আন এগৰাকী কংগ্ৰেছ নেতাক স্থলাভিসিক্ত কৰিবলৈ অনুৰোধ জনাইছে ৷ কিন্তু সুৰেশ বৰাৰ পদত্যাগৰ বিষয়টো এতিয়াও ধূসৰ হৈ আছে ৷
জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা নগাঁও সদৰ সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সুৰেশ বৰাৰ পদত্যাগৰ বিষয়টো নস্যাৎ কৰি এয়া উৰা বাতৰি বুলি মন্তব্য কৰিছে ৷ তেওঁ কৈছে যে সুৰেশ বৰা কংগ্ৰেছ দলৰ এগৰাকী একনিষ্ঠ সেৱক ৷ তেওঁ কোনো কাৰণতে পদত্যাগ কৰা নাই ৷ নগাঁও জিলা কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত তথা এগৰাকী সংখ্যালঘু বিধায়কক জিলা সভাপতিৰ পদত অধিষ্ঠিত কৰিবলৈ ষড়যন্ত্ৰ চলা বুলি চৰ্চা হোৱা বিষয়টোও সম্পূৰ্ণৰূপে নস্যাৎ কৰে সাংসদ বৰদলৈয়ে ৷
উল্লেখ্য যে, বৰ্তমান দিল্লীত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শুকুৰবাৰে নিশাৰ ভাগত গুৱাহাটী আহি পোৱাৰ পিছত দুয়োগৰাকী পদত্যাগী জিলা সভাপতিকে মাতি পঠিয়াই যদিও সভাপতিৰ আমন্ত্ৰণ ৰক্ষা নকৰিলে সুৰেশ বৰা আৰু নৱজ্যোতি তালুকদাৰে ৷
ইফালে শনিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব এক বৃহৎ যোগদান কাৰ্যসূচী ৷ এই অনুষ্ঠানতে সুৰেশ বৰাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷
লক্ষণীয় কথা যে, লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত এইদৰে দুগৰাকীকৈ কংগ্ৰেছ নেতাই পদত্যাগ কৰাৰ খবৰে বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰে ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিচতে ৰাজ্যিক সভাপতিৰ পদ ত্যাগ কৰিছিল তদানীন্তন সভাপতি ৰিপুন বৰাই ৷ তেওঁৰ স্থানত সভাপতিৰ দায়িত্ব দিয়া হৈছিল ভূপেন বৰাক ৷ সেই সময়ত চামগুৰি সমষ্টিৰ সাংসদ তথা বিধানসভাত বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনেও কিছু অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছিল ৷