গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ উদ্দেশ্য ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিগত বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে বিশেষ ছুটীৰ । বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা "মাতৃ পিতৃ বন্দনা" আঁচনিৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীসকলক প্ৰদান কৰা হৈছে বিশেষ ছুটী (Matri Pitri vandana by Assam Goverment) । চলিত বৰ্ষৰ ৯ আৰু ১০ ফেব্ৰুৱাৰীত কৰ্মচাৰীসকলক বিশেষ ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । আঁচনিখনৰ সুবিধা আদায়ৰ বাবে ৯ আৰু ১০ ফেব্ৰুৱাৰীত কৰ্মচাৰীসকলে লাভ কৰিব বিশেষ ছুটী ৷
উল্লেখনীয় বিষয় যে, এই বিশেষ দুটা দিনৰ ছুটীৰ পিচত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পুনৰ লাভ কৰিব দুটা দিনৰ ছুটী ৷ ১১ আৰু ১২ ফেব্ৰুৱাৰীত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব স্বাভাৱিক চৰকাৰী বন্ধ । ১১ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় শনিবাৰ আৰু ১২ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী কাৰ্যালয় বন্ধ থাকিব ৷ অৰ্থাৎ মুঠ চাৰিটা দিনৰ ছুটী লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে (two days special leave to state employees) ৷
মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে দ্বিতীয় শনিবাৰ আৰু দেওবাৰ মিলাই মুঠ ৪ টা দিন বন্ধৰ সুবিধা লাভ কৰিব (special leave to state employees for parents) । মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰিবলৈ তথা এই বিশেষ ছুটীৰ বাবে কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা প’ৰ্টেলযোগে আবেদন কৰিব লাগিব । উল্লেখ্য যে, এই বিশেষ ছুটী ল’ব বিচৰা কৰ্মচাৰীসকলক ৱেবছাইটৰ জৰিয়তে আবেদন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) ।