বনভোজ খাবলৈ গৈ সলিল সমাধি দুই যুৱকৰ
মৃত দুই যুৱক হৈছে গীতানগৰৰ জয়ন্ত পাঠক আৰু নলবাৰীৰ সঞ্জিত দাস । অত্যাধিক সুৰাপান কৰি নদীত গা ধুবলৈ যোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ।
গুৱাহাটী,24 নম্বেৱৰঃ পানীখাইটিৰ হাতীশিলাত চাঞ্চল্যকৰ ঘটনা ৷ বনভোজ খাবলৈ আহি সলিল সমাধি দুই যুৱকৰ ৷ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল মৃত যুৱকদ্বয় । বনভোজস্থলীৰ সমীপতে থকা ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ প্ৰথমে নিখোজ হৈছিল দুই যুৱক । মৃত দুই যুৱক হৈছে গীতানগৰৰ জয়ন্ত পাঠক আৰু নলবাৰীৰ সঞ্জিত দাস । অত্যাধিক সুৰাপান কৰি নদীত গা ধুবলৈ যোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। ঘটনাস্থলীত পানীখাইতি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰে নিৰুদ্দিষ্ট যুৱক দুজনক।