অসম

assam

By

Published : May 10, 2020, 3:13 PM IST

ETV Bharat / state

পাণ্ডু পোৰ্টত বাংলাদেশৰ দুখন কয়লা ভৰ্তি জাহাজ

বাংলাদেশৰ পৰা পশ্চিম বংগৰ হ'গলী নদী হৈ অসমত প্ৰৱেশ কৰিছে এই দুখন জাহাজে । বৰ্তমান ব্ৰহ্মপুত্ৰৰ বক্ষত ৰখাই থোৱা আছে কয়লা ভৰ্তি জাহাজ দুখন।

Two Bangladeshi coal-laden ships in Pandu Port
পাণ্ডু পোৰ্টত বাংলাদেশৰ দুখন কয়লা ভৰ্তি জাহাজ

গুৱাহাটী, 10 মে': লক্​ ডাউনৰ মাজতে পাণ্ডু পোৰ্টত উপস্থিত হৈছে দুখনকৈ কয়লা ভৰ্তি জাহাজ । জানিব পৰা মতে, ১৭৫৩ মেট্ৰিক টন কয়লা আছে জাহাজ দুখনত। বাংলাদেশৰ পৰা পশ্চিম বংগৰ হ'গলী নদী হৈ অসমত প্ৰৱেশ কৰিছে এই জাহাজ দুখনে । বৰ্তমান ব্ৰহ্মপুত্ৰৰ বক্ষত ৰখাই থোৱা আছে কয়লা ভৰ্তি জাহাজ দুখন । জাহাজ দুখনৰ লোকসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতহে গুৱাহাটীত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব বুলি অৱগত কৰে প্ৰশাসনে । সম্প্ৰতি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ কথা জানিব পৰা গৈছে । উল্লেখযোগ্য যে, সামগ্ৰী সৰবৰাহৰ ব্যয় কম হোৱা হেতুকে ব্যৱসায়ীসকলে জল পৰিবহণ সেৱা বাচি লৈছে । বিগত সময়টো জল পথেৰে কেবাটাও কোম্পানীয়ে সামগ্ৰী আমদানি - ৰপ্তানি কৰিছিল ।

পাণ্ডু পোৰ্টত বাংলাদেশৰ দুখন কয়লা ভৰ্তি জাহাজ

For All Latest Updates

TAGGED:

Coal Ship

ABOUT THE AUTHOR

...view details