গুৱাহাটী, 30 মে': আজি ঘোষিত ২০২১ বৰ্ষৰ UPSC পৰীক্ষাৰ ফলাফলত স্থান লাভ কৰিছে দুগৰাকীকৈ অসম সন্তানে ৷ ৫০৬ সংখ্যক স্থানত অসমৰ শিল্পা খনিকৰে স্থান লাভ কৰাৰ উপৰিও 639 সংখ্যক স্থানত আছে অসমৰ দেৱজ্যোতি বৰ্মন । উল্লেখ্য যে এইবাৰ UPSC পৰীক্ষাত উত্তীৰ্ণ হৈছে ৬৮৫ গৰাকী পৰীক্ষাৰ্থী ।
শীৰ্ষ ৫টা স্থানৰ ভিতৰত ৪টাই আছে ছাত্ৰীৰ দখল । ৫০৬ সংখ্যক স্থান লাভ কৰা শিল্পা খনিকৰৰ ঘৰ গুৱাহাটীৰ হাতীগাঁও শেৱালী পথত । অসমলৈ সম্মান কঢ়িয়াই অনা শিল্পা খনিকৰে সংবাদ মাধ্যমৰ আগত কয় যে তৃতীয় বাৰৰ চেষ্টাৰ ফলত তেওঁ এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে