অসম

assam

ETV Bharat / state

আৰক্ষীৰ জালত ফটাশিল আমবাৰীৰ অপহৰণকাণ্ডৰ স'তে জৰিত অপহৰণকাৰী - তামুলপুৰ

শনিবাৰে মহানগৰীৰ ফটাশিল আমবাৰী থানাত ৰুজু হয় এখন অপহৰণৰ এজাহাৰ ৷ উক্ত এজাহাৰ সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে অনুসন্ধান চলাই তামুলপুৰ থানাৰ অয়াবাৰীৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত মৃগাংক বড়োৰ বাসগৃহৰ পৰা ভুক্তভুগী জয়দীপ চৌধুৰীক উদ্ধাৰ কৰে।

মৃগাংক বড়ো, চাউদ্যোলাং বড়ো

By

Published : Oct 15, 2019, 10:44 AM IST

গুৱাহাটী, 15 অক্টোবৰ: অৱশেষত আৰক্ষীৰ জালত পৰিল মহানগৰীৰ ফটাশিল আমবাৰীৰ অপহৰণকাণ্ডৰ স'তে জৰিত দুই অপহৰণকাৰী ৷ কিন্তু বৰ্তমানেও পলাতক ঘটনাৰ মূল অভিযুক্ত আত্মসমৰ্পণকাৰী NDFB সদস্য য়োদাশ দৈমাৰী ৷ ঘটনা সন্দৰ্ভত শনিবাৰে মহানগৰীৰ ফটাশিল আমবাৰী থানাত ৰুজু হয় এখন অপহৰণৰ এজাহাৰ ৷ উক্ত এজাহাৰ সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে অনুসন্ধান চলাই তামুলপুৰ থানাৰ অয়াবাৰীৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত মৃগাংক বড়োৰ বাসগৃহৰ পৰা ভুক্তভুগী জয়দীপ চৌধুৰীক উদ্ধাৰ কৰে।

ভুক্তভুগী জয়দীপ চৌধুৰীক উদ্ধাৰ

উল্লেখ্য যে, উক্ত অপহৰণকাণ্ডৰ স'তে জৰিত চাউদ্যোলাং বড়োৰ লগতে মৃগাংক বড়োক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও ঘটনাৰ মূল অভিযুক্ত আত্মসমৰ্পণকাৰী NDFB সদস্য য়োদাশ দৈমাৰী বৰ্তমানেও পলাতক। বিগত ১২ অক্টোবৰত জয়দীপ চৌধুৰীৰ AS01JC8801 নম্বৰৰ এল্ট বাহনখন মহানগৰ আৰক্ষীয়ে অনুসন্ধান চলাই তামুলপুৰৰ পৰা উদ্ধাৰ কৰিছিল। জানিব পৰা মতে, জয়দীপক অপহৰণকাৰীদ্বয়ে ফোনযোগে ৰঙিয়ালৈ মাতি ভাড়া নিয়াৰ চলেৰে লৈ গৈ অপহৰণ কৰিছিল।

ABOUT THE AUTHOR

...view details