অসম

assam

ETV Bharat / state

বৰ্তমানেও পলাতক মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত

মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত মাষ্টাৰমাইণ্ড ইমৰান শ্বাহক আৰক্ষীয়ে আটক কৰিলে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত ৷ ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে ৷

মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত পলাতক
two-accused-involved-in-cms-signature-fraud-case-abscond

By

Published : Sep 13, 2021, 8:39 PM IST

গুৱাহাটী, 13 ছেপ্তেম্বৰ :বৰ্তমানেও পলাতক অৱস্থাত আছে মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত মাষ্টাৰমাইণ্ড ইমৰান শ্বাহৰ লগত থকা আন দুজন অভিযুক্ত ৷ দিছপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত ধৰা পৰিছিল লোহিত কনষ্ট্ৰাকশ্যনৰ নামত মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰ তথ্য ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷

মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত পলাতক

এজাহাৰ দিয়াৰ পিছতে ঘটনাটোৰ মূল অভিযুক্ত ইমৰান শ্বাহ আৰু ৰাজীৱ কলিতাই দিল্লীত আত্মগোপন কৰিছিল ৷ ৰাজীৱ কলিতাক গ্ৰেপ্তাৰ কৰাৰ পিছতে দেওবাৰে দিল্লীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইমৰান শ্বাহক ৷ ইমৰান শ্বাহে নিয়ন্ত্ৰণ কৰিছিল কৰিছিল এই নেক্সাছ ৷ ইপিনে দিলীপ দাস, অনুপম চৌধুৰী, প্ৰকাশ বসুমতাৰী নামৰ লোক তিনিজনে মুখ্যমন্ত্ৰীৰ প্ৰকৃত চহী কালেকশ্যন কৰিছিল আৰু জেৰক্স দোকানত মুখ্যমন্ত্ৰীৰ চহী স্কেন কৰি জালিয়াতি আৰম্ভ কৰিছিল ৷

ঘটনা সন্দৰ্ভত এজাহাৰ পোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি প্ৰথমে 4 জন লোকক সোধপোচৰ বাবে আটক কৰিছিল ৷ তেওঁলোকৰ পৰা পোৱা তথ্যৰ ভিত্তিত ৰাজীৱ কলিতা , দিলীপ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে দেওবাৰে দিল্লীৰ পৰা ইমৰান শ্বাহকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমানেও পলতাক দালাল ঠিকাদাৰ অনুপম চৌধুৰী আৰু প্ৰকাশ বসুমতাৰী ৷

লগতে পঢ়কঃশীঘ্ৰেই অসম আৰক্ষীত হ'ব ব্যাপক সংস্কাৰ : ভাস্কৰজ্যোতি মহন্ত

ABOUT THE AUTHOR

...view details