অসম

assam

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 6:45 PM IST

ETV Bharat / state

ড্ৰাগছ সৰবৰাহকাৰীৰে আৰক্ষীৰ গুলীয়াগুলীৰ ঘটনাই লৈছে নতুন মোৰ

দেওবাৰে কামৰূপৰ আজ্ঞাঠুৰীত আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ সৰবৰাহকাৰী ৷ পৰিয়ালৰ মতে, ড্ৰাগছ সৰবৰাহকাৰী নাছিল আব্দুল চালাম ।

Up date news of drugs peddler killed in encounter
আজ্ঞাঠুৰীৰ ড্ৰাগছ ব্যৱসায়ীৰ গুলীয়াগুলীৰ ঘটনা

আজ্ঞাঠুৰীৰ ড্ৰাগছ ব্যৱসায়ীৰ গুলীয়াগুলীৰ ঘটনা

গুৱাহাটী, ৬ ডিচেম্বৰ:যোৱা ৩ ডিচেম্বৰত আজ্ঞাঠুৰীৰ ড্ৰাগছ ব্যৱসায়ী আৰু আৰক্ষীৰ মাজত সংঘটিত ঘটনাই লৈছে নতুন মোৰ । গুলীয়াগুলীৰ ঘটনাত মৃত্যু হোৱা ড্ৰাগছ ব্যৱসায়ী আব্দুল চালামৰ কন্য়া আৰু পত্নীয়ে অভিযোগ কৰা মতে, কোনো ড্ৰাগছ ব্য়ৱসায়ৰ লগত জড়িত নাছিল চালাম । মিছাকৈ ড্ৰাগছ মাফিয়া সজাই আৰক্ষীৰ সৈতে মিলি আব্দুল চালামক বন্ধু আছিমুদ্দিন আৰু বাহাৰ আলীয়ে হত্য়া কৰা বুলি চালামৰ কন্য়া আৰু পত্নীয়ে অভিযোগ কৰিছে ।

এই প্ৰসংগত চালামৰ কন্য়াই অভিযোগ উত্থাপন কৰি কয় যে ঘৰৰ পৰা আছিমুদ্দিনে ছালামক গাড়ীখনত লৈ গৈছিল জালুকবাৰীলৈ বুলি । জালুকবাৰী পোৱাৰ পিছতে ফোন বন্ধ হৈছিল চালামৰ । চালামৰ কন্য়া আৰু পত্নীৰ মতে কোনো ড্ৰাগছৰ লগত জড়িত নাছিল চালাম । চালাম যদিও প্ৰথমে গাড়ীচালক আছিল, বিগত ২ বছৰ ধৰি আৰক্ষীৰ ইনফৰ্মাৰ হিচাপে কাম কৰি আছিল । আছিমুদ্দিনেই ইনফৰ্মাৰ সজাইছিল চালামক ।

পৰিয়ালৰ মতে, সেইদিনাও চালাম আৰক্ষীৰ গাড়ীতেই গৈছিল । কিন্তু আছিমুদ্দিন আৰু বাহাৰে পৰিকল্পনা কৰি মাৰিলে ছালামক । যদি ছালামৰ লগত পিষ্টল আছিল , ড্ৰাগছ আছিল আৰক্ষীয়ে কিয় ঘটনা সংঘটিত হোৱাৰ দিনা সংবাদ মাধ্যমৰ জড়িয়তে দেখুৱাব পৰা নাই । ইতিমধ্যে পৰিয়ালৰ লোকে আছিমুদ্দিন আৰু বাহাৰৰ বিৰুদ্ধে হাতীগাঁও থানাত দাখিল কৰিছে এজাহাৰ । কিন্তু হাতীগাঁও আৰক্ষীয়ে বিগত দুদিনে এবাৰো সোধপোছ কৰিবলৈ ফোন নকৰাৰো অভিযোগ পৰিয়ালৰ লোকৰ ।

আনহাতে, কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ বিৰুদ্ধেও চালামৰ পৰিয়ালে বিস্ফোৰক অভিযোগ কৰিছে । আব্দুল চালামৰ পৰিয়ালৰ মুখ বন্ধ কৰিবলৈ কল্যাণ পাঠকে বাহাৰৰ জৰিয়তে দিছিল প্ৰলোভন । পৰিয়ালক ১০ লাখ টকা আৰু কন্য়াক চাকৰি দিব মুখ বন্ধ কৰি ৰাখিলে । আনকি গোচৰ দিবলৈও মানা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।

উল্লেখ্য যে যোৱা ৩ ডিচেম্বৰ তাৰিখে আজ্ঞাঠুৰীত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত গুলিচালনাৰ ঘটনা সংঘটিত হৈছিল । এই ঘটনাত আৰক্ষীৰ গুলীত মৃত্যু হৈছিল হাতীগাঁৱৰ আব্দুছ ছালাম নাম লোকজনৰ ।

লগতে পঢ়ক:ড্ৰাগছ সৰবৰাহকাৰীৰে আৰক্ষীৰ গুলীয়াগুলী; এটা সৰবৰাহকাৰী নিহত; আহত দুটা

ABOUT THE AUTHOR

...view details