নিউজ ডেস্ক, 1 ডিচেম্বৰ :মুখ্যমন্ত্ৰীৰ অধীনত থকা ৰাজ্যৰ লোক নিৰ্মাণ বিভাগত চলিছে কি ? লোক নিৰ্মাণ বিভাগত কোনে চলাইছে শিয়ালৰ ৰাজত্ব ? লোক নিৰ্মাণ বিভাগৰ থলুৱা ক্ষুদ্ৰ ঠিকাদাৰক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কাৰ ? আওঁপকীয়াকৈ হ’লেও মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুকলি বিষোদগাৰ খোদ শাসকীয় বিধায়কৰ ৷
কৰ্মসংস্থাপনৰ ভয়াৱহ সমস্যাই চানি ধৰা অসমত গড়কাপ্তানি বা লোক নিৰ্মাণ বিভাগৰ থলুৱা ঠিকাদাৰসকলক পৰিকল্পিতভাৱে বঞ্চিত কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ লোক নিৰ্মাণ বিভাগৰো (Assam Public Works Department) দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এনে থলুৱা বিৰোধী পদক্ষেপৰ বিৰুদ্ধে শাসক দলৰ মাজতেই এতিয়া সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ ৷
মঙলবাৰে শাসকীয় বিধায়ক মৃণাল শইকীয়াই দিছিল এটা টুইট (Mrinal Saikia tweet) ৷
যি টুইটত অতি স্পষ্টভাৱে ৰাজ্যত শিয়ালৰ দিন বা ৰাজত্ব চলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে (MLA Mrinal Saikia) ৷ বিধায়ক মৃণাল শইকীয়াৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ তত্বাৱধনাত থকা লোক নিৰ্মাণ বিভাগে থলুৱা অথবা স্থানীয় ঠিৰকাদাৰক বঞ্চিত কৰি ৰহস্যজনক কাৰণত ঠিকা প্ৰদান কৰিব ডাঙৰ ঠিকাদাৰী প্ৰতিষ্ঠানক (Scam in scheme at Khumtai) ৷
অৰ্থাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সিদ্ধান্তৰ বিৰুদ্ধে মুকলি বিষোদগাৰ শাসকীয় বিধায়কৰ ৷ সৰু ঠিকাদাৰক উদ্দেশ্যি মৃণাল শইকীয়াৰ মন্তব্য, ‘‘আন ব্যৱসায় কৰক আপোনালোকে’’ ৷ ইফালে মৃণাল শইকীয়াৰ সুৰতেই সুৰ মিলাইছে আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই ৷