অসম

assam

ETV Bharat / state

মহানগৰীত মহিলা সন্ধানহীন

শুকুৰবাৰে বজাৰ কৰিবলৈ বুলি ওলাই গৈ বৰ্তমানলৈ কোনো খবৰ নাই আমিনা বেগম নামৰ মহিলাগৰাকীৰ।  স্বামী জিটু হুছেইনে  কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ ব্যৰ্থ হৈছে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ ৷

By

Published : Jul 14, 2019, 3:07 AM IST

মহানগৰীত মহিলা সন্ধানহীন

গুৱাহাটী 14 জুলাইঃ মহানগৰীৰ কটাহবাৰীত মহিলা নিৰুদ্দেশ ৷ শুকুৰবাৰে বজাৰ কৰিবলৈ বুলি ওলাই গৈ বৰ্তমানলৈ কোনো খবৰ নাই আমিনা বেগম নামৰ মহিলাগৰাকীৰ। স্বামী জিটু হুছেইনে কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ ব্যৰ্থ হৈছে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ ৷ উক্ত ঘটনাটোৰ সন্দৰ্ভত গড়চুক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামীয়ে। ঘৰৰ পৰা ওলাই যোৱা অৱস্থাত নিজৰ সকলো নথি-পত্ৰ আৰু নগদ ধন লৈ যোৱা বুলি জানিবলৈ দিয়ে মহিলাগৰাকীৰ স্বামীয়ে। উল্লেখযোগ্য যে কোনো সদাসয় লোকে যদি নিৰুদ্দিষ্ট আমিনা বেগমৰ কিবা সম্ভেদ পাই তেন্তে গড়চুক আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।

মহানগৰীত মহিলা সন্ধানহীন
মহানগৰীত মহিলা সন্ধানহীন

ABOUT THE AUTHOR

...view details