অসম

assam

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 7:07 PM IST

ETV Bharat / state

Indrani Tahbilder suicide case: তৃষ্ণা শৰ্মাক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে । শনিবাৰে নিশা গ্ৰেপ্তাৰ হোৱা বিজেপিৰ বহিষ্কৃত নেত্ৰী তৃষ্ণা শৰ্মাক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

Indrani Tahbilder suicide case update
তৃষ্ণা শৰ্মাক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

তৃষ্ণা শৰ্মাক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

গুৱাহাটী, ২৭ আগষ্ট : প্ৰতিদিনে পোহৰলৈ আহিছে বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰ কাণ্ডৰ ন ন তথ্য । বিজেপি একাংশ নেতা-কৰ্মীয়ে কিদৰে চাকৰিৰ ক’লা বজাৰ গঢ়ি তুলিছিল তাৰ তথ্য পোহৰলৈ আহিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিকা আৰু স্বচ্ছভাৱে চাকৰিৰ নিযুক্তি দিয়া বুলি দাবী কৰি আহিছে যদিও শেহতীয়াকৈ বিজেপি নেতা -পালিনেতাৰ চাকৰিৰ ক’লা বজাৰৰ তথ্য পোহৰলৈ অহাৰ পিছতে সন্দেহৰ আঙুলি উঠিছে ।

দেওবাৰে পুনৰ চান্দমাৰী আৰক্ষী থানাত চাকৰিৰ নামত ধন লোৱা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে । এখন এজাহাৰ দাখিল কৰিছে বিজেপি নেত্ৰী শান্তনা ডেকাই, আনখন এজাহাৰ দাখিল কৰিছে প্ৰাৰ্থীৰ অভিভাৱক হৰেশ্বৰ কলিতাই । শান্তনা ডেকাই চাকৰিৰ নামত অনুৰাগ চলিহাক ১৩ লাখ টকা ধন দিয়াৰ কথা এজাহাৰত উল্লেখ কৰাৰ লগতে আনখন এজাহাৰত হৰেশ্বৰ কলিতাই অনুৰাগক অগধন হিচাপে ৫০ হাজাৰ টকা চাকৰিৰ নামত জমা দিছিল বুলি উল্লেখ কৰিছে ৷

অনুৰাগ চহিলা আৰু দ্বীবন ডেকাৰ দলে স্বাস্থ্য বিভাগৰ চাকৰিৰ নামত ৪-৬ লাখ টকা, পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ চাকৰিৰ নামত ৩-৫ লাখ টকা , আৰক্ষী বিভাগত ৩-৮ লাখ টকা আৰু APSC ৰ নামত ৩ প্ৰাৰ্থীৰ পৰা ৩০ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

ইফালে, ৰাজ্যৰ কেইবাখনো জিলাৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল প্ৰাৰ্থীৰ পৰা । চাকৰি নামত ধন সংগ্ৰহ কৰাত নাম সাঙোৰ খোৱা নলবাৰী কিষাণ মৰ্চাৰ উপ- সভাপতি নিপন ভৰালী পলাতক হৈ আছে ।


শনিবাৰে আৰক্ষীয়ে ২ ঘন্টা জেৰা কৰিছিল নিপনক । পুনৰ দেওবাৰে আৰক্ষীয়ে তলব কৰিছিল নিপনক । ক্ৰাইম বাঞ্চ আৰু নলবাৰী আৰক্ষীৰ এটা দলে নিপনক বিছাৰি অভিযান অব্যাহত ৰাখিছে । চাকৰিৰ নামত ধন সংগ্ৰহ কৰাত নাম সাঙোৰ খাই পৰা নিপন ভৰালীৰ বিৰুদ্ধে ইতিমধ্য বহু চাকৰি প্ৰত্যাশীয়ে দিছে জবানবন্দী ।

আনহাতে শনিবাৰে নিশা গ্ৰেপ্তাৰ হোৱা বিজেপিৰ বহিষ্কৃত নেত্ৰী তৃষ্ণা শৰ্মাক দেওবাৰে সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতে তৃষ্ণা শৰ্মাক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

আনহাতে সমগ্ৰ ঘটনাৰ লগত নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হোৱা ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীৰ ৭ দিনৰ আৰক্ষী জিম্মাৰ ম্যাদ উকলাত পুনৰ আদালত হাজিৰ কৰোৱা হয় । আদালতে পুনৰ ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:GST collection in Assam: অসমত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে জি এছ টি সংগ্ৰহৰ পৰিমাণ

ABOUT THE AUTHOR

...view details