গুৱাহাটী,১৩ নৱেম্বৰ: গুৱাহাটীত ৰেপিড’ চালকক প্ৰহাৰৰ কৰা ঘটনাৰ নতুন মোৰ (Beating of rapid driver) । পানবজাৰ আৰক্ষীৰ ২৪ ঘণ্টা জেৰাৰ অন্তত মুকলি আকাশৰ তললৈ আহিল অসম ছাত্র পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা । ত্ৰিনয়ন বৰুৱাক দোষমুক্ত ঘোষণা আৰক্ষীৰ (Trinayan Baruah acquitted) । পানবজাৰ আৰক্ষীলৈ অগপ শীৰ্ষ নেতাৰ পৰা আহিছিল বহু হেঁচা । যাৰ ফলত ২৪ ঘন্টা জেৰাৰ পিছত মুকলি তললৈ আহিল ত্ৰিনয়ন বৰুৱা ।
এই ঘটনাৰ লগত জড়িত অনুপম মালিকক গ্ৰেপ্তাৰ কৰিছিল পানবজাৰ আৰক্ষীৰ । কিন্তু কিয় পানবজাৰ আৰক্ষীয়ে এবাৰো তলব নকৰিলে ঘটনাৰ লগত জড়িত থকা অনসকল সদস্যসকলক । সেয়া এতিয়া সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত । ৰেপিড’ চালক চাজিদ চৌধুৰীয়েও ত্ৰিনয়ন বৰুৱা জড়িত নথকাৰ কথা অনাআনুষ্ঠানিক উল্লেখ কৰে (Rapido rider beating case in Guwahati) ।