অসম

assam

Y20 Summit 2023: Y 20 সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত কাশ্মীৰ প্ৰসংগ

By

Published : Feb 8, 2023, 2:14 PM IST

গুৱাহাটীত Y 20 সন্মিলনৰ কাৰ্যসূচী (Y 20 Summit at Guwahati) ৷ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ (Central minister Anurag Thakur at Guwahati) ৷

Y 20 Summit at Guwahati
গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ

গুৱাহাটী, 8 ফেব্ৰুৱাৰী :মঙলবাৰে আই আই টি গুৱাহাটীত অনুষ্ঠিত হয় বহুল চৰ্চিত Y 20 সন্মিলনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী (Y 20 Summit at Guwahati) ৷ গুৱাহাটীত 6 ফেব্ৰুৱাৰীৰ দিনা ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীত অনুষ্ঠিত হৈ যায় যুৱ 20 সন্মিলন ৷ গুৱাহাটী আই আই টিত অনুষ্ঠিত হয় এই যুৱ ২০ সন্মিলনৰ ৷ এই সন্মিলনত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ (Central minister Anurag Thakur at Guwahati) ৷

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে অনুষ্ঠানটোত উপস্থিত থাকি যুৱ সমাজক উদ্দেশি কয় যে পূৰ্বতে জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ অপৰাধত তেওঁক জেলত ভৰোৱা হৈছিল যদিও ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিচত উপত্যাকাটোত প্ৰতিটো ঘৰে-ঘৰে উৰি থকা দেখিবলৈ পোৱা গৈছে ৷ তাৰোপৰি বিগত বৰ্ষত দেশ জুৰি আয়োজন কৰা 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ সফল ৰূপায়ণ উপত্যাকাটোত হৈছিল বুলি জানিবলৈ দিয়ে । কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে পুনৰ কয় যে জম্মু-কাশ্মীৰত পূৰ্বতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাটোও কঠিন আছিল যদিও ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত মানুহে স্বচক্ষে উপভোগ কৰিবলৈ পালে 'হৰ ঘৰ তিৰংগা' অনুষ্ঠান ।

গুৱাহাটী আই আই টিত অনুষ্ঠিত হোৱা যুৱ-২০ ভাৰত সন্মিলনৰ দ্বিতীয় দিনটোত ভাষণ প্ৰদান কৰি ২০১০ ৰ পৰা ২০১৭ চনলৈকে বিজেপিৰ যুৱ শাখাৰ আটাইতকৈ দীৰ্ঘদিনীয়া সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এটা সময়ত কোলকাতাৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ কথা ৷ উক্ত সময়ছোৱাত জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ বাবে মন্ত্ৰীগৰাকীক জেললৈ নিক্ষেপ কৰা হৈছিল যদিও আজি তেনে পৰিৱেশ নাই বুলি উল্লেখ কৰে ৷ জম্মু-কাশ্মীৰ এখন বেলেগ ৰাজ্য য'ত এনে কোনো বাধা-নিষেধ নাই বুলি সভাত উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

অনুৰাগ ঠাকুৰে কয় যে ‘অমৃত কাল’ আছিল অধিগম কাল, আৱছাৰ কাল আৰু কৰ্তব্য কালৰ সংমিশ্ৰণ যিয়ে ক্ৰমে বিকাশৰ দিশলৈ গতি কৰে, সুযোগ আৰু জাতিৰ প্ৰতি কৰ্তব্য যুগৰ সূচনা কৰে । ৱাই ২০ আৰম্ভণি সভাই যুৱকেন্দ্ৰিক পদক্ষেপ আৰু প্ৰচেষ্টাৰ উদাহৰণ দাঙি ধৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে আৰু এই তথা অমৃত কাল যুৱক-যুৱতীসকলৰ বাবে উল্লেখ কৰে ।

যুৱক-যুৱতীসকলৰ সম্ভাৱনাক সদ্ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ দ্ৰুত আৰ্থ-সামাজিক, আৰু প্ৰযুক্তিগত উদ্ভাৱন আৰু উন্নতি আনিবলৈ এক অনন্য সুবিধা আছে বুল মন্তব্য কৰে । যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব মীতা ৰাজীৱলোচনৰ লগতে বিভিন্ন গণ্যমান্য ব্যক্তি যুৱ সন্মিলনখনত উপস্থিত থাকে বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক :CBI arrested CM daughter's EX Auditor: গ্ৰেপ্তাৰ হ’ল তেলেংগানাৰ মুখ্যমন্ত্ৰী কন্যাৰ প্ৰাক্তন একাউটেণ্ট

ABOUT THE AUTHOR

...view details