গুৱাহাটী প্ৰেছ ক্লাৱত পি পি সিঙলৈ শ্ৰদ্ধাঞ্জলি গুৱাহাটী, ২৩ এপ্ৰিল: সদ্য প্ৰয়াত জ্যেষ্ঠ সাংবাদিক পি পি সিঙৰ সোঁৱৰণত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা হয় স্মৃতি চাৰণ সভা । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰয়াত জ্যেষ্ঠ সাংবাদিক কেপ্তেইন পি পি সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় (Tributes paid to P P Singh at Guwahati Press Club) । কেপ্তেইন পি পি সিঙৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় এই অনুষ্ঠানৰ ।
অনুষ্ঠানত আগন্তুক দিনত তেওঁৰ স্মৃতি কিদৰে সজীৱ কৰি ৰাখিব পাৰি সেই বিষয়ে আলোচনা কৰা হয় । এই অনুষ্ঠানত সংবাদিক, সংবাদকৰ্মী আৰু পৰিয়ালৰ লোকৰ পৰা সংগ্ৰহ কৰা ৪২,৬১০ টকা এদিনৰ লংগৰৰ বাবে খালচা চেন্টাৰক প্ৰদান কৰে । এই অনুষ্ঠানত উপস্থিত থাকে পি পি সিঙৰ পৰিয়ালৰ লোক, Khalsa North East Centre ৰ স্বেচ্ছাসেৱক আৰু সাংবাদিকসকলৰ লগতে বহু গণ্য মান্য ব্যক্তি (Tributes to P P Singh) ।
উল্লেখ্য যে, ১৬ এপ্ৰিলৰ নিশা হৃদৰোগত আক্রান্ত দেহাৱসান ঘটিছিল জ্যেষ্ঠ সাংবাদিক পি পি সিঙৰ (Senior journalist PP Singh is no more) । ত্রিপুৰাত ‘টাইমছ অব ইণ্ডিয়া’ৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰা সিঙে ৰাষ্ট্ৰীয় তথা স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ হৈ সংবাদ সেৱা আগবঢ়াইছিল । ইষ্টাৰ্ন প্ৰজেকচন নামৰ ফটো এজেঞ্চিটোৰ স্বত্বাধিকাৰীও আছিল প্ৰয়াত সিং । তদুপৰি টাইমছ অৱ ইণ্ডিয়া, ইকনমিক টাইমছ, নৰ্থ ইষ্ট টাইমছেৰেও জড়িত আছিল তেওঁ ।
ইয়াৰ উপৰিও তেওঁ দীৰ্ঘদিন ধৰি আগবঢ়াই আহিছিল মানৱসেৱা (Senior journalist PP Singh passes away) । বেচৰকাৰী সংস্থা নৰ্থ ইষ্ট খালচা চেন্টাৰৰ চেয়াৰমেন হিচাপে মানৱ সেৱা কৰি আহিছিল জ্যেষ্ঠ সাংবাদিক পুষ্পেন্দৰ পাল সিঙে । ক’ভিড কালত গুৱাহাটীৰ লগতে কাষৰীয়া জিলাসমূহৰ বিভিন্ন স্থানত মানুহৰ বাবে অন্ন দান কৰিছিল জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে । তদুপৰি দীৰ্ঘদিন ধৰি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত প্ৰতি বুধবাৰে হাস্পতালখনলৈ অহা লোকৰ মাজত অন্ন দান কৰি আছিল সিঙে ।
লগতে পঢ়ক:Underwater Hydrocarbon Pipeline: ব্ৰহ্মপুত্ৰৰ তলেৰে সম্পূৰ্ণ হ’ল এছিয়াৰ সৰ্ববৃহৎ হাইড্ৰ'কাৰ্বন পাইপলাইন