অসম

assam

ETV Bharat / state

7 দিনৰ অন্তত আইছলেচল ৱাৰ্ডৰ পৰা ওলাল চিকিৎসা কৰ্মীঃ গামোচাৰে সম্বৰ্ধনা

ডা০ ধীৰাজ কুমাৰ পাঠক, ডাঃ পিপি দাস, ডাঃ পি.এ আহমেদৰ লগতে নাৰ্চ পি বেগম , কুইন বৈশ্য, কৰবি বেজবৰুৱা, কৰবি বৰগোহাঁই , লেৱ প্রযুক্তিবিদ মিন্টু আহমদ আৰু জয়ন্ত বৰ্মনে সোণাপুৰ জিলা চিকিৎসালয়ত তিনিগৰাকী কৰ'ণা ৰোগীক সেৱা প্ৰদান কৰে।

গামোচাৰে সম্বৰ্ধনা
গামোচাৰে সম্বৰ্ধনা

By

Published : Apr 8, 2020, 3:42 PM IST

Updated : Apr 8, 2020, 3:51 PM IST

সোণাপুৰ, 8 এপ্ৰিল : বিগত সাত দিন ধৰি ক'ৰণা ৰোগীক সেৱা আগবঢ়োৱা চিকিৎসক, নাৰ্চ, লেৱ প্রযুক্তিবিদ আৰু চাফাই কর্মীক বুধবাৰে সোণাপুৰ জিলা চিকিৎসালয়ৰ তৰফৰ পৰা ফুলাম গামোচা আৰু হাত চাপৰিৰে সন্মান জনোৱা হয় ।

চিকিৎসা কৰ্মীক গামোচাৰে সম্বৰ্ধনা

মহানগৰীৰ অন্তৰ্গত সোণাপুৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা সোণাপুৰ জিলা চিকিৎসালয়ত ১ এপ্রিলৰ পৰা আইছলেচন ৱাৰ্ডত কর্তব্যৰত চিকিৎসক, নাৰ্চ, লেৱ প্রযুক্তিবিদ আৰু চাফাই কর্মী সকলে বুধবাৰে সাত দিনৰ সেৱা সমাপ্ত কৰি চিকিৎসালয় পৰা ওলাই আহে।

চিকিৎসা কৰ্মীক গামোচাৰে সম্বৰ্ধনা

ডা০ ধীৰাজ কুমাৰ পাঠক, ডাঃ পিপি দাস, ডাঃ পি.এ আহমেদৰ লগতে নাৰ্চ পি বেগম , কুইন বৈশ্য, কৰবি বেজবৰুৱা, কৰবি বৰগোহাঁই , লেৱ প্রযুক্তিবিদ মিন্টু আহমদ আৰু জয়ন্ত বৰ্মনে সোণাপুৰ জিলা চিকিৎসালয়ত তিনিগৰাকী কৰ'ণা ৰোগীক সেৱা প্ৰদান কৰে।

চিকিৎসা কৰ্মীক গামোচাৰে সম্বৰ্ধনা

বিগত সাত দিন দায়িত্ব পালন কৰি বুধবাৰে ১৪ দিনৰ বাবে কুৱাৰেন্টাইনৰ বাবে দলটো ওলাই আহে । সোণাপুৰৰ পৰা পোন-পোনে পঞ্চতাৰকাযুক্ত হোটেল তাজ ভিভান্তালৈ যোৱাৰ সময়ত আইছলেচন ৱাৰ্ডত দ্বিতীয় দলটোৱে প্রথম দলটোৰ চিকিৎসাকর্মীসকলক হাত তালি বজাই উৎসাহিত কৰে । জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ উলুপি ফুকন বৰুৱাই গামোচাৰে সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰে।

চিকিৎসা কৰ্মীক গামোচাৰে সম্বৰ্ধনা
Last Updated : Apr 8, 2020, 3:51 PM IST

ABOUT THE AUTHOR

...view details