অসম

assam

ETV Bharat / state

নাৰেংগীত শ জোপা নাহৰে দিব নিৰিবিলি ছাঁ - নাৰেংগী

নাৰেংগী বিহু সন্মিলনীৰ এই অনুষ্ঠানত মুখ্য ৰোপক হিচাপে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং, বিশিষ্ট সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, পদ্মশ্ৰী ইলিয়াচ আলিকে প্ৰমুখ্য কৰি বহু কেইজন লোক ।

নাৰেংগী ৰঙালী বিহু সন্মিলনৰ বৃক্ষ ৰূপণ কাৰ্যসূচী

By

Published : May 26, 2019, 4:41 PM IST

Updated : May 26, 2019, 10:06 PM IST

গুৱাহাটী, 26 মে’: গছ থাকিলেহে মানুহ থাকিব । এই মহৎ উদ্দেশ্য আগত ৰাখিয়েই পূৱ নাৰেংগী ৰঙালী বিহু সন্মিলনে হাতত লৈছে এক বিশেষ পদক্ষেপ । নাৰেংগী অঞ্চলৰ চাৰিটা গুৰুত্বপূৰ্ণ স্থানত দেওবাৰে নাৰেংগী ৰঙালী বিহু সন্মিলনে ৰোপন কৰে ১০০ নাহৰৰ পুলি ৷ সকলো নগৰ, চহৰ সেউজীয়া কৰি ৰখাৰ বাবে নাৰেংগী অঞ্চলৰ এই সকল লোকে হাতত লৈছে এই প্ৰশংসনীয় পদক্ষেপ । নাহৰ পুলি ৰোপন অনুষ্ঠানত মুখ্য ৰোপক হিচাপে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং, বিশিষ্ট সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, পদ্মশ্ৰী ইলিয়াচ আলিকে প্ৰমুখ্য কৰি বহু কেইজন লোক ।

''এদিন সকলো ঠাই চহৰলৈ পৰ্যবসিত হব । গছ গছনি নাথাকিব । সেই চিন্তা আগত ৰাখি ৰাইজ এনেদৰে ওলাই অহাতো শুভ লক্ষণ '' - যাদৱ পায়েং

''এনেদৰে সকলো ওলাই আহিব লাগে , কিয়নো গছেই আমাৰ জীৱন ‌'' - ইলিয়াচ আলি

''এনে কাৰ্যই সংস্কৃতি ধৰি ৰখাত সহায় কৰিব '' - অনুৰাধা শৰ্মা পূজাৰী

''হাতী মানুহৰ সংঘাতৰ কাৰণ বোৰ আমি বিজ্ঞানসন্মত অধ্যয়ন কৰিছো । ইয়াৰ বাবে এখন কমিটি গঠন কৰা হ'ব । হাতী অহা যোৱা পথত থকা লোৰ গজল ইতিমধ্যে উঠাই দিয়া হৈছে । এনেদৰেই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে নাৰেংগী ৰঙালী বিহু সন্মিলনীৰ এই প্ৰচেষ্টা প্ৰশংসনীয় '' - বন বিষয়া

নাৰেংগী ৰঙালী বিহু সন্মিলনৰ বৃক্ষ ৰূপণ কাৰ্যসূচী
Last Updated : May 26, 2019, 10:06 PM IST

ABOUT THE AUTHOR

...view details