গুৱাহাটী, 7 জুলাই :গুৱাহাটী মহানগৰীক সেউজকৰণৰ বাবে বন বিভাগে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । এই উদ্যোগৰ প্ৰতি লক্ষ্য ৰাখি পূৱ কামৰূপ বন সংমণ্ডল কাৰ্যালয়ে গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে বৰাগাঁৱৰ কাষৰীয়া গোটানগৰ সংৰক্ষিত বনাঞ্চলৰ তেঁতেলীতল শিৱনগৰত মঙলবাৰে এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ খনামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত বন মহোৎসৱৰ লগত সংগতি ৰাখি এই গছপুলি ৰোপণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই ।
মহানগৰীত উদযাপন বন মহোৎসৱ - বন সংমণ্ডল প্ৰাধিকাৰী
পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ খনামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত বন মহোৎসৱৰ লগত সংগতি ৰাখি গছপুলি ৰোপণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।
এই উপলক্ষে খনামুখ খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া ৰূপন হালৈয়ে আঁত ধৰা অনুষ্ঠানত বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাত গছ গছনিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি বন বিভাগে ৰোপণ কৰা গছপুলিসমূহ ৰাইজেও যাতে প্ৰতিপালন কৰে তাৰ বাবে উপস্থিত ৰাইজক আহ্বান জনায় । অনুষ্ঠানত গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰাই ৰাইজে সহযোগিতা কৰিলেহে গছপুলি ৰোপণ আঁচনিৰ মূল উদ্দেশ্য সফল হ'ব বুলি ব্যক্ত কৰে । অনুষ্ঠানত অঞ্চলটোৰ এজন বিশিষ্ট সমাজকর্মী, অধ্যাপক খনীন দাসে ভাগ লৈ অঞ্চলটোক সেউজকৰণৰ বাবে বন বিভাগে গ্ৰহণ কৰা সকলো কাৰ্যসূচীত ৰাইজৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱা হ'ব বুলি ব্যক্ত কৰে । এই গছপুলি ৰোপণ কাৰ্যসূচীত অঞ্চলটোৰ ৰাইজৰ সহযোগত পূৰ্বতে উচ্ছেদিত কৰা স্থানত খনামুখ খণ্ড বন কাৰ্যালয়ৰ বনকর্মীসকলে বিভিন্ন প্ৰজাতিৰ প্ৰায় ৮০ জোপা গছপুলি ৰোপণ কৰে ।
লগতে পঢ়ক :গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বিতৰ্কৰ নতুন মোৰ