অসম

assam

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 9:54 PM IST

ETV Bharat / state

মটৰ শ্ৰমিক সন্থাৰ ৪৮ ঘন্টীয়া চকা বন্ধ প্ৰত্যাহাৰ

Hit and Run Rules : 48 ঘন্টীয়া বন্ধ উঠাই ল’লে অসমৰ মটৰ শ্ৰমিক সন্থাই ৷ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কোটাৰ লগত হোৱা আলোচনা মৰ্মে ধর্মঘটৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে সন্থাই ।

hit and run
৪৮ ঘন্টীয়া চকা বন্ধ প্ৰত্যাহাৰ

গুৱাহাটী, ৫ জানুৱাৰী : বিজেপি চৰকাৰে নতুনকৈ আৰোপ কৰা ‘হিট এণ্ড ৰাণ’ শীৰ্ষক নতুন আইনৰ বিৰোধিতা কৰি অসমৰ মটৰ শ্ৰমিকসমূহৰ যৌথ মঞ্চই আজিৰে পৰা কাইলৈ ৰাজ্যজুৰি ৪৮ ঘন্টা যান-বাহন বন্ধ ৰাখি ধর্মঘট কাৰ্যসূচীৰ ঘোষণা কৰিছিল ।

৪৮ ঘন্টীয়া চকা বন্ধ প্ৰত্যাহাৰ

কিন্তু শুকুৰবাৰে সন্ধিয়া অসমৰ মটৰ শ্ৰমিকসমূহৰ যৌথ মঞ্চই কাইলৈ দিয়া ধর্মঘটৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে । মটৰ শ্ৰমিকসমূহৰ যৌথ মঞ্চৰ বিষয়ববীয়া ৰমেন দাসে জনায় যে গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কোটাৰ লগত হোৱা আলোচনা মৰ্মে ধর্মঘটৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হৈছে ।

চৰকাৰক ১৫ দিনৰ সময় দিয়া হৈছে আইনখন অসমত ৰূপায়ণ নকৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে ৷ তেওঁ কয় যে আজি পুৱাৰ পৰা পৰিবহন বিভাগৰ সচিবৰ লগত আলোচনা অনুষ্ঠিত হৈছিল ৷ কিন্তু আলোচনা সফল নোহোৱাত পিছত গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কোটাৰ লগত আলোচনা অনুষ্ঠিত হয় ।

তেওঁ কয়, ‘‘ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কোটাই কৈছে যে আইন প্ৰত্যাহাৰ কৰাৰ কোনো অধিকাৰ নাই । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰাৰ কথা তেওঁ জনাইছে ।’’ এই কথা গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কোটাই লিখিতভাৱে দিয়াৰ ফলত যৌথমঞ্চই কাইলৈ দিয়া ধর্মঘটৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ।

উল্লেখ্য যে আজি এই বন্ধৰ আহ্বানৰ প্ৰতি সহাৰি জনাইছিল সকলো বাহনৰ চালকসকলে । ৰাজ্যৰ লগতে গুৱাহাটীতো স্থবিৰ হৈ পৰিছিল যান-বাহনৰ চলাচল । গুৱাহাটী আই এছ বি টিত এখনো বাছ চলাচল‌ কৰা নাছিল । গুৱাহাটীত চিটিবাছ আৰু মেজিক চলাচল কৰা নাছিল ৷ অৱশ্যে পৰিবহন বিভাগৰ বাছ চলাচল কৰি আছিল ।

উল্লেখ্য যে ‘হিট এণ্ড ৰাণ’ নামেৰে আন এক আইন গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিছিল । ‘হিট এণ্ড ৰাণ’ আইনৰ অৰ্থ হৈছে যে এগৰাকী চালকৰ দ্বাৰা যদি এক দুর্ঘটনা হয় আৰু তাত কোনো পথদচাৰী অথবা বাইক চালক আহত অথবা মৃত্যু হয় আৰু পিছত যদি চালকজনে পলায়ন কৰে তেনেহলে তেওঁৰ ১০ বছৰ পৰ্যন্ত জে’ল আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমনা হ’ব । যদি পলায়ন নকৰি ওচৰৰ থানাত খবৰ আৰু জখম হোৱা লোকক চিকিৎসালয়লৈ লৈ যায় তেনেহ'লে তেওঁৰ শাস্তি আধা হ’ব । যদিহে চালকজনৰ কোনোধৰণৰ দোষ নতুবা ভুল নাথাকে তথাপিও তেওঁৰে শাস্তি হ'ব ।

লগতে পঢ়ক:চকা বন্ধৰ বিৰোধিতা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ABOUT THE AUTHOR

...view details