গুৱাহাটী, 20 ফেব্ৰুৱাৰীঃআইন অমান্যকাৰী বাহনৰ বিৰুদ্ধে এতিয়া অধিক কঠোৰ হৈছে, কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগ ৷ বৃহস্পতিবাৰে পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত চলিল পৰিবহন বিভাগৰ অভিযান ৷ বিশেষকৈ চিটি বাছৰ দৌৰাত্ম্য ৰোধৰ বাবে তেজপুৰ, নগাঁও, মৰিগাঁও, কামৰূপৰ এটা বৃহৎ পৰিবহন বিভাগৰ দলে চলালে এই অভিযান ৷ নিয়মীয়াকৈ এই অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে মহানগৰ জিলা পৰিবহন বিষয়া অৰুণ বৰাই ৷ তাৰোপৰি আইন অমান্যকাৰী বাহনৰ পৰা জৰিমনা আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও উল্লেখ কৰে বিষয়াগৰাকীয়ে ৷
চিটি বাছৰ বিৰুদ্ধে অভিযান পৰিবহন বিভাগৰ - কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগ
বৃহস্পতিবাৰে পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত চলিল পৰিবহন বিভাগৰ অভিযান ৷ আইন অমান্যকাৰী বাহনৰ বিৰুদ্ধে অধিক কঠোৰ কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগ ৷
![চিটি বাছৰ বিৰুদ্ধে অভিযান পৰিবহন বিভাগৰ চিটি বাছৰ বিৰুদ্ধে অভিযান পৰিবহন বিভাগৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6141448-thumbnail-3x2-kk.jpg)
চিটি বাছৰ বিৰুদ্ধে অভিযান পৰিবহন বিভাগৰ
চিটি বাছৰ বিৰুদ্ধে অভিযান পৰিবহন বিভাগৰ