গুৱাহাটী, 29 ছেপ্টোম্বৰঃ ৰাজ্যত প্ৰণয়ন কৰা হৈছে নতুন যান-বাহন আইন ৷ সংশোধিত যান-বাহন আইনখন কাৰ্যকৰী হোৱাৰ পিছতেই প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহত দেখা গৈছে যথেষ্ট ভিৰ ৷ লগতে মহানগৰীৰ একাংশ কেন্দ্ৰই অধিক ধন সংগ্ৰহ আৰু পৰ্যাপ্ত পৰীক্ষা অবিহনেই প্ৰমাণ পত্ৰ প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছিল ৷
প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰীৰে বৈঠক পৰিৱহণ বিভাগৰ - প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ
ৰাজ্যত প্ৰণয়ন কৰা হৈছে নতুন যান-বাহন আইন ৷ সংশোধিত যান-বাহন আইনখন কাৰ্যকৰী হোৱাৰ পিছতেই প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহত দেখা গৈছে যথেষ্ট ভিৰ ৷ লগতে মহানগৰীৰ একাংশ কেন্দ্ৰই অধিক ধন সংগ্ৰহ আৰু পৰ্যাপ্ত পৰীক্ষা অবিহনেই প্ৰমাণ পত্ৰ প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছিল ৷

এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে জিলা পৰিবহন বিভাগ ৷ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু বিষয়ববীয়াৰে বৈঠক বহিছে পৰিৱহণ বিভাগ ৷ কোনো অনিয়ম সংঘটিত নকৰিবলৈ কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলক সকিয়নি প্ৰদান কৰে পৰিৱহন বিভাগে ৷ অনিয়মৰ অভিযোগ পালেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকিয়াই দিয়ে ৷
উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলাত মুঠ ১৪ টা প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰ আছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ অতিশীঘ্ৰে পেট্ৰল পাম্পসমূহটো কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে ৷ সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে পৰিৱহণ বিষয়া অৰুণ বৰাই ৷ আনহাতে নতুন যানবাহন আইন কাৰ্যকৰী হোৱাৰ পিছত কামৰূপ মহানগৰ জিলাত ৪ লাখতকৈও টকা সংগ্ৰহ হৈছে বুলিও জানিবলৈ দিয়ে বৰাই ৷