গুৱাহাটী, 17 মাৰ্চ:নথিপত্ৰ নৱীকৰণ তথা কৰ আদায় নিদিয়াকৈ গুৱাহাটীৰ ৰাজপথত চলি থকা বাহনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে (Kamrup metro Dto program) । অপাৰেশ্যন ছাৰখাৰ_২ নামেৰে চলোৱা এই অভিযানত ইতিমধ্যে যান বাহনৰ কৰ আদায় নিদিয়া যান বাহন, বিভিন্ন উদ্যোগক্ষেত্ৰ, পৰিবহণ ক্ষেত্ৰ, ব্যক্তিগত ব্যৱসায়ীক প্ৰতিষ্ঠান আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত পৰিবহণ বিভাগে অভিযান চলাই ইতিমধ্যে প্ৰায় ৫০কোটি টকাৰ কৰ আদায় কৰিবলৈ সক্ষম হৈছে (Drive against non tax vehicles) । এই অভিযানৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া (এনফৰ্ছমেণ্ট) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত গুৱাহাটী শোধনাগাৰ আৰু নুনমাটি চেক্টৰ -৩ ৰ ৰাজপথত অভিযান চলাই ।
অভিযানৰ সময়ত বহু বাহনে যান বাহন আইন উলংঘা কৰি চলাচল কৰি থকাটো ধৰা পেলায় । আজিৰ এই অভিযানৰ অন্তত সংবাদ মাধ্যমৰ আগত এনফৰ্ছমেণ্ট বিষয়া হিমাংশু কুমাৰ দাসে কয় যে, গুৱাহাটী শোধনাগাৰৰ ভিতৰত চলি থকা প্ৰায় ১০০ খন যান বাহনৰ তালিকা প্ৰস্তুত কৰি পৰিবহণ বিভাগক জমা দিয়া হৈছে । সেই সমূহ বাহনৰ নথি পত্ৰ সমূহ পৰীক্ষা কৰিব বিভাগে । আনহাতে ষ্টাৰ চিমেণ্টৰ প্ৰতিষ্ঠানত চলোৱা অভিযান কালত ১২২ খন যান বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ পিছত প্ৰায় ৫৬ খন যান বাহনৰ বিপৰীতে কৰ আদায় নিদিয়াটো ধৰা পৰে যদিও অহা ১৮ মাৰ্চৰ পূৰ্বে যান বাহনৰ অনাদায় কৰ সমূহ আদায় দিয়াৰ আশ্বাস দিছে ষ্টাৰ চিমেণ্ট কৰ্তৃপক্ষই ।