যোৰহাট,৬ ফ্ৰেব্ৰুৱাৰী:চলিত বিত্তীয় বৰ্ষত যান-বাহনৰ জৰিমনা বিহাৰ নামত যেন অভিলেখ গঢ়িলে পৰিবহন বিভাগে(Transport Department collects fine in Assam) । যান-বাহন আইন উলংঘা কৰাৰ অভিযোগত যান-বাহনৰ গৰাকীক জৰিমনা বিহি চলিত বিত্তীয় বছৰটোৰ ৯ মাহতে প্রায় ৭৫.৪৯ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে । পৰিবহন বিভাগৰ এক সূত্ৰই এই কথা জানিবলৈ দি কয় যে যোৱা এপ্রিল মাহৰপৰা ডিচেম্বৰ মাহৰ ভিতৰত সংগ্ৰহ কৰা হৈছে এই বিশাল পৰিমাণৰ জৰিমনা । বিত্তীয় বছৰটোৰ বাকী থকা সময়খিনিত এই পৰিমাণ বৃদ্ধি হৈ কমেও এশকোটি হ’ব বুলি আশা কৰা হৈছে(Drive against traffic law violators) ।
পৰিবহন বিভাগৰ তথ্য অনুসৰি, ইতিমধ্যে সংগ্রহ হোৱা পৰিমাণেই এই শিতানৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এক অভিলেখ গঢ়িছে । ইয়াৰ পূৰ্বে ২০২১-২২ বৰ্ষত-সর্বাধিক ২৪.৬৬ কোটি টকা জৰিমনা সংগ্ৰহ হৈছিল । ২০২০-২১ বৰ্ষত ১৪.৯৯ কোটি আৰু ২০১৯-২০ বৰ্ষত ১০.৩৭ কোটি টকা সংগ্রহ হৈছিল । উল্লেখ্য যে, সংশোধিত পৰিবহন আইনৰ গইনা লৈ পৰিবহন বিভাগে ব্যক্তিগত আৰু ৰাজহুৱা যাত্রীবাহী তথা সামগ্রী কঢ়িওৱা যান-বাহনক উচ্চ হাৰৰ জৰিমনা বিহাক লৈ ব্যাপক প্রতিবাদ সাব্যস্ত হৈছে । কিন্তু পৰিবহন বিভাগে এনে প্ৰতিবাদক কোনো গুৰুত্ব প্ৰদান কৰা নাই ।