গুৱাহাটী, ২৭ জানুৱাৰী : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে দিছপুৰৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত Transgender Welfare Board ৰ এখন নিয়মিত সভা সম্বোধন কৰে (Transgender Welfare Board Assam meeting held at Janata Bhawan in Guwahati) ৷ Transgender Welfare Board ৰ অধ্যক্ষ হিচাপে মন্ত্ৰীগৰাকীয়ে সভাখনত প্ৰথমতে ব’ৰ্ডৰ পূৰ্বৰ কামকাজ সমূহৰ বিষয়ে বুজ লয় ৷
Transgender Welfare Board ৰ সৈতে বৈঠক সভাখনত তৃতীয় লিংগৰ লোকসকলে সমাজত সন্মুখীন হৈ থকা সমস্যাৰ বিষয়ে বুজ লৈ এইক্ষেত্ৰত ব’ৰ্ডৰ কৰণীয়খিনিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ বিশেষকৈ তৃতীয় লিংগ লোকসকলৰ সমাজত গ্ৰহণযোগ্যতাৰ বিষয়ে সমাজৰ আন ব্যক্তিসকলৰ মাজত সজাগতা অনাৰ বাবে বিজ্ঞাপন আদিৰ সহায় লোৱাৰ বাবে মন্ত্ৰী হাজৰীকাই গুৰুত্ব দিয়ে ৷
তাৰোপৰি জিলা পৰ্যায়ত সজাগতা সভা আদি আয়োজনৰ জৰিয়তেও মানুহৰ মাজত সজাগতা অনাৰ বাবে আজিৰ সভাতে সিদ্ধান্ত লোৱা হয় ৷ এইক্ষেত্ৰত সোনকালেই প্ৰাথমিক পৰ্যায়ত নিৰ্বাচিত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে এখন ভিডিঅ’ কন্ফাৰেঞ্চত অংশ গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
লগতে পঢ়ক :3rd BTR accord day : চিৰাঙত উদযাপন বিটিআৰ চুক্তিৰ তৃতীয় বৰ্ষপূৰ্তি
Transgender Welfare Board ৰ আন সদস্যসকলৰ পৰামৰ্শৰ ভিত্তিত জিলা পৰ্যায়ত তৃতীয় লিংগ লোকসকলৰ কল্যাণ সমিতি গঠন কৰাৰ বাবেও আজিৰ এই সভাতে সিদ্ধান্ত লোৱা হয় (Awareness and benefits of 3rd gender) ৷ অন্যহাতে, অসম আৰক্ষীৰ সহযোগত Transgender Protection Cell গঠন কৰাৰ বিষয়েও উক্ত সভাত আলোচনা কৰা হয় ৷ এইক্ষেত্ৰত মন্ত্ৰী হাজৰীকাই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ব’ৰ্ডৰ সদস্যসকলক অৱগত কৰে ৷
আনহাতে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত তৃতীয় লিংগ লোকসকলৰ পঞ্জীয়নৰ বাবে থকা থকা ৰাষ্ট্ৰীয় প’ৰ্টেলত পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সজাগতা অনাৰ বাবে কাম কৰিবলৈ মন্ত্ৰী হাজৰীকাই উপস্থিত সদস্যসকলক আহ্বান জনায় ৷ শুকুৰবাৰে আয়োজিত উক্ত সভাত অসম চৰকাৰৰ বহুকেইটা বিভাগৰ সচিব, অতিৰিক্ত তথা যুটীয়া সচিব, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক তথা ব’ৰ্ডৰ আন সদস্যসকল উপস্থিত থাকে ৷
লগতে পঢ়ক :Pariksha Pe Charcha 2023; পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকল উপকৃত হ’ব: শিক্ষামন্ত্ৰী