অসম

assam

By

Published : Mar 11, 2023, 7:43 AM IST

ETV Bharat / state

Transgender tea stall in Assam : তৃতীয় লিংগৰ লোকে গুৱাহাটী ৰেল ষ্টেচনত আৰম্ভ কৰিলে চাহৰ বিপণী

ভাৰতীয় ৰেলৱেত মুকলি হ’ল প্ৰথমখন তৃতীয় লিংগৰ চাহৰ বিপণী ৷ চাহৰ লগতে পৰম্পৰাগত পিঠা-পনাও উপলব্ধ হ’ব এই বিপণীখনত ৷ বিপণীখনৰ নাম 'ট্ৰান্স টি ষ্টল' (Transgender tea stall at Guwahati railway station)

Transgender tea stall at guwahati railway station
প্ৰথমখন তৃতীয় লিংগৰ চাহৰ বিপণী

প্ৰথমখন তৃতীয় লিংগৰ চাহৰ বিপণী

গুৱাহাটী, 11 মাৰ্চ : গুৱাহাটী ৰেল ষ্টেচনত শুক্ৰবাৰে মুকলি কৰা হ’ল চাহৰ এখন বিশেষ বিপণী । য’ত প্ৰতিগৰাকী যাত্ৰীয়ে চাহৰ লগতে জুটি ল’ব পাৰিব অসমীয়া পিঠা পনাৰো । গুৱাহাটী ৰেলৱে ষ্টেচনৰ এক নং প্লেটফৰ্মত আছে চাহৰ এই বিশেষ বিপণীখন । তদুপৰি নতুনকৈ মুকলি হোৱা এই বিপণীখনৰ আছে আন এক বিশেষত্ব ৷ চাহৰ এই বিপণীখন আৰম্ভ কৰা হৈছে তৃতীয় লিংগৰ ব্যক্তিৰ উদ্যোগত (Transgender tea stall at guwahati railway station) ।

শুক্ৰবাৰৰ পৰা গুৱাহাটী ৰেল ষ্টেচনত তৃতীয় লিংগৰ লোকসকলে মুকলি কৰে বিশেষ চাহৰ এই বিপণী খন। বিপণীখন দিয়াৰ ক্ষেত্ৰত ভাৰতীয় ৰেল কৰ্তৃপক্ষই তৃতীয় লিংগৰ লোকসকলক প্ৰদান কৰা এই সুবিধাৰ বাবে কৃতজ্ঞতা জনায় । উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমখন চাহৰ বিপণী গুৱাহাটী ৰেল ষ্টেচনত তৃতীয় লিংগৰ লোকসকলে আৰম্ভ কৰে । ব্যতিক্ৰমী এই বিপণীখনৰ নাম হ’ল 'ট্ৰান্স টি ষ্টল' (Trans tea stall opened at Guwahati Railway station) ৷

চাহৰ লগতে অসমীয়া পৰম্পৰাগত পিঠা-পনাও উপলব্ধ হোৱা এই বিপণীখন আনুষ্ঠানিকভাৱে মুকলি কৰে এন এফ ৰেলৱেৰ মহাপ্ৰৱন্ধক আনচুল গুপ্তাই । বিপণীখন মুকলি কৰি মহাপ্ৰৱন্ধকগৰাকীয়ে কয় যে, তৃতীয় লিংগৰ লোকে উত্তৰ পূব সীমান্ত ৰেলৱেৰ লগতে ভাৰতীয় ৰেলৱেত স্থাপন কৰা এইখনেই হ’ল প্ৰথম চাহৰ বিপণী । তৃতীয় লিংগৰ লোকসকল সামাজিক বৈষম্যৰ চিকাৰ হৈ আহিছে ৷ সেয়েহে এইসকলেও যাতে সমাজত সমমৰ্যদা লাভ কৰে তাৰ বাবে তেওঁলোকক এই সুবিধা প্ৰদান কৰা হৈছে । পৰৱৰ্তী সময়ত দেশৰ বিভিন্ন ষ্টেচনত চাহৰ বিপণী দিবলৈ তৃতীয় লিংগৰ ব্যক্তিসকলক সুবিধা প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰি ষ্টেচনলৈ অহা যাত্ৰীসকলক এই বিপণীখনত চাহৰ সোৱাদ ল’বৰ বাবে আহ্বান জনায় (Northeast Frontier Railway) ৷

উল্লেখযোগ্য যে, সদৌ অসম ট্ৰান্সজেণ্ডাৰ সন্থাৰ প্ৰতিষ্ঠাপক স্বাতী বিধান বৰুৱাৰ উদ্যোগত আৰম্ভ কৰা হৈছে এই বিপণীখন । তৃতীয় লিংগৰ লোক সকলক আগুৱাই লৈ যোৱাৰ লগতে উদ্যোগী হিচাপে গঢ় দিয়াৰ উদ্দেশ্যেৰে এই পদক্ষেপ হাতত লোৱা হৈছে বুলি উল্লেখ কৰে উদ্যোগী বৰুৱাই (Swati Bidhan Baruah, Transgender Welfare Board of Assam) ।

লগতে পঢ়ক :Murder case at Jamugurihat: জামুগুৰিহাটত চোকা অস্ত্ৰৰে ডিঙিত ৰেপি এজনক হত্যা

উত্তৰ-পূব সীমান্ত ৰেলৱেই তৃতীয় লিংগৰ লোকসকলৰ এই পদক্ষেপৰ প্ৰতি আদৰণি জনোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন মহলে তৃতীয় লিংগৰ লোকসকলৰ এই পদক্ষেপৰ শলাগ লোৱা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

...view details