গুৱাহাটী, 8 মাৰ্চঃ দেওবাৰেনাৰী দিৱস উদযাপন কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তৃতীয় লিংগই ৷ মহানগৰীৰ দীঘলীপুখুৰী পাৰত তৃতীয় লিংগৰ লোকসকলে একত্ৰিত হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ চৰকাৰে তৃতীয় লিংগৰ বাবে গঠন কৰা আইনক লৈ তেওঁলোক সন্তুষ্ট নহয় বুলি জানিবলৈ দিয়ে বিধান বৰুৱাই ৷
দীঘলীপুখুৰী পাৰত তৃতীয় লিংগৰ নাৰী দিৱস উদযাপন - দীঘলীপুখুৰী পাৰত তৃতীয় লিংগৰ নাৰী দিৱস উদযাপন
নাৰী দিৱস উদযাপন কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ তৃতীয় লিংগৰ। মহানগৰীৰ দীঘলীপুখুৰী পাৰত তৃতীয় লিংগৰ লোকসকলে একত্ৰিত হৈ কৰিলে এই প্ৰতিবাদ। চৰকাৰে তৃতীয় লিংগৰ বাবে গঠন কৰা আইনক লৈ সন্তুষ্ট নহয় তেওঁলোক।
আনহাতে নাৰী দিৱস উদযাপন কৰিলেও চৰকাৰে তৃতীয় লিংগৰ বিৰুদ্ধে কৰি থকা অন্যায় অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে বুলি মন্তব্য কৰে বিধান বৰুৱাই । চৰকাৰে বহু বছৰৰ অন্তত তৃতীয় লিংগৰ বাবে ৰাজ্যিক তৃতীয় লিংগ পলিচি লৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলেও এই আইন কোনো কাৰণত মানি লোৱা নহব বুলি জানিবলৈ দিয়ে বিধান বৰুৱাই । বিধান বৰুৱাৰ মতে তৃতীয় লিংগৰ সমাজক সম্পূৰ্ণ ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে । নাৰী দিৱসৰ দিনটোতে তেওঁলোকৰ এটাই চৰকাৰৰ ওচৰত আহ্বান যে অতি সোনকালে তৃতীয় লিংগ আইন 2019 নাকচ কৰিব লাগে ৷
লগতে তৃতীয় লিংগৰ লোকসকলে পূৰ্বৰ পৰা যিদৰে ট্ৰেইন , বাছত টকা বিছাৰি জীৱন নিৰ্বাহ কৰি আহিছে অথবা কাম কৰি আছে তেনেদৰেই কাম কৰি যাব বুলি মন্তব্য কৰে তৃতীয় লিংগসকলে । তৃতীয় লিংগৰ লোকসকলৰ বাবে চৰকাৰে আইন প্ৰণয়ন কৰাৰ পিছতো এতিয়া এইদৰে প্ৰতিবাদ কৰিছে তৃতীয় লিংগৰ লোক সকলে ।