গুৱাহাটী, ১১ মে’ :বিষয় এটা আৰু দুটা নিৰ্দেশনা । এটাত বদলিৰ নিৰ্দেশ আৰু আন এটাত বদলিৰ নিৰ্দেশ বাতিল । ২৪ ঘণ্টাৰ ভিতৰত গৃহ বিভাগে জাৰি কৰা দুটা নিৰ্দেশনাই বিশেষ চৰ্চা লাভ কৰিছে (Assam CM’s security order was canceled within 24 hours) । উল্লেখ্য যে, মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনিগৰাকী আৰক্ষী অধীক্ষকক দায়িত্বত গাফিলতি কৰাৰ অভিযোগত তাৎক্ষণিকভাৱে বদলি কৰা হৈছিল ।
ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে মঙলবাৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক উৎপল বায়ন, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীক বদলিৰ নিৰ্দেশ দিছিল (Assam shifts 3 SPs from security of CM Sarma) । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দুবছৰীয়া কার্যকালৰ বর্ষপূৰ্তিৰ লগত সংগতি ৰাখি মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ।
এই অনুষ্ঠানত অংশ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্তু মুখ্যমন্ত্ৰী নিৰাপত্তাত থকা বিষয়াৰ দায়িত্বহীনতাৰ বাবে হঠাতে বহুসংখ্যক লোকে মুখ্যমন্ত্ৰীৰ একেবাৰে কাষ পাইছিল । নিৰাপত্তাৰ এই গাফিলতিক লৈ আনকি অসন্তুষ্ট হৈ পৰিছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
ইয়াৰ পাচতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই তাৎক্ষণিকভাৱে এটা নিৰ্দেশনাযোগে কৰ্তব্যৰত তিনিওজন আৰক্ষী অধীক্ষকক বদলিৰ নিৰ্দেশ দিয়ে । কিন্তু বদলিৰ নিৰ্দেশ জাৰি কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ আন এক জাননী যোগে বদলিৰ নিৰ্দেশ বাতিল কৰা হয় (Assam CM security news) ।