অসম

assam

ETV Bharat / state

ল’ক ডাউনত বাৰ্থ দ্যে পাৰ্টি খোৱা আৰক্ষী বিষয়াক চৰকাৰৰ শাস্তিমূলক বদলি

ৰাজ্যত ল’ক ডাউন, সান্ধ্য আইন অব্যাহত থকাৰ মাজতে আইন অমান্য কৰি ব্ৰহ্মপুত্ৰৰ বুকুত এগৰাকী আৰক্ষী বিষয়াৰ বাৰ্থ দ্যে পাৰ্টী উদযাপন কৰা আটাইকেইগৰাকী আৰক্ষী বিষয়াক শাস্তিমূলক বদলি । শাস্তিমূলক বদলিৰ এই নিৰ্দেশনাত মহানগৰ আৰক্ষীৰ এগৰাকী উপ আৰক্ষী আয়ুক্ত, চাৰি গৰাকী সহকাৰী আৰক্ষী আয়ুক্ত, দুগৰাকীকৈ ভাৰপ্ৰাপ্ত বিষয়া, উপ-পৰিদৰ্শকৰ লগতে এগৰাকী সহকাৰী উপ-পৰিদৰ্শকৰ নাম অন্তৰ্ভূক্ত হৈছে ।

By

Published : Jul 8, 2020, 10:45 PM IST

Transfer of police officers for violating lockdown and curfew norms
ল’ক ডাউনত বাৰ্থ দ্যে পাৰ্টি খোৱা আৰক্ষী বিষয়াক চৰকাৰৰ শাস্তিমূলক বদলি

নিউজ ডেস্ক,৮ জুলাই: ৰাজ্যত ল’ক ডাউন, সান্ধ্য আইন অব্যাহত থকাৰ মাজতে আইন অমান্য কৰি ব্ৰহ্মপুত্ৰৰ বুকুত এগৰাকী আৰক্ষী বিষয়াৰ বাৰ্থ দ্যে পাৰ্টী উদযাপন কৰা আটাইকেইগৰাকী আৰক্ষী বিষয়াক শাস্তিমূলক বদলিৰ নিৰ্দেশনা । শাস্তিমূলক বদলিৰ এই নিৰ্দেশনাত মহানগৰ আৰক্ষীৰ এগৰাকী উপ আৰক্ষী আয়ুক্ত, চাৰি গৰাকী সহকাৰী আৰক্ষী আয়ুক্ত, দুগৰাকীকৈ ভাৰপ্ৰাপ্ত বিষয়া, উপ-পৰিদৰ্শকৰ লগতে এগৰাকী সহকাৰী উপ-পৰিদৰ্শকৰ নাম অন্তৰ্ভূক্ত হৈছে ।

উল্লেখ্য যে, ৰাজ্যত ল’ক ডাউন, সান্ধ্য আইন অব্যাহত থকাৰ মাজতে চৰকাৰী নিৰ্দেশনা অমান্য কৰি ব্ৰহ্মপুত্ৰৰ বুকুত এগৰাকী আৰক্ষী বিষয়াৰ বাৰ্থ দ্যে পাৰ্টী উদযাপন কৰিছিল মহানগৰ আৰক্ষীৰ একাংশ বিষয়াই । ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটত থকা অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এখন বিলাসী জাহাজত উদযাপন কৰা পাৰ্টীত উপস্থিত আছিল মহানগৰ আৰক্ষীৰ বহুকেইগৰাকী জ্যেষ্ঠ আৰু কণিষ্ঠ আৰক্ষী বিষয়া ।

ছচিয়েল মেডিয়াত আৰক্ষী বিষয়াসকলৰ এনে কৰ্ম-কাণ্ড ভাইৰেল হৈ পৰাৰ লগে লগে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আৰক্ষীৰ বিষয়াসকলৰ এনে দায়িত্বহীনতাক লৈ বিভিন্ন জনে প্ৰশ্ন কৰাৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে তৎকালে হোৱাকৈ তদন্তৰ নিৰ্দেশ দিছিল মহানগৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details