গুৱাহাটী, ১০ ফেব্ৰুৱাৰীঃ কামৰূপ মহানগৰ জিলা প্ৰশাসন, জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা মহিলা শক্তি কেন্দ্ৰৰ যৌথ উদ্যোগত বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আত্ম সুৰক্ষাৰ এক সপ্তাহযোৰা প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয় ৷ মহাবিদ্যালয়খনৰ এনএছএছ গোটৰ সহযোগিতাত অনুষ্ঠিত হোৱা আত্ম সুৰক্ষাৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত মহাবিদ্যালয়খনৰ ৪০ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
প্ৰশিক্ষণৰ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি জিলা সমাজ কল্যাণ বিষয়া কুঞ্জলতা লাচনে বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত জিলাখনত ৰূপায়ন কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰাৰ লগতে ছাত্ৰীসকলৰ আত্ম সুৰক্ষাৰ প্ৰশিক্ষণে প্ৰতিগৰাকী ছাত্ৰীকে প্ৰৱল আত্মবিশ্বাসী কৰি গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে।