অসম

assam

By

Published : Aug 11, 2021, 8:30 AM IST

ETV Bharat / state

চালকৰ বাবে বছৰজোৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজহুৱা পৰিবহণ সেৱাৰ সৈতে জড়িত প্ৰায় 2000 জন চালক(Driver)ক সামৰি লৈ বছৰজোৰা প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ ৰাজ্যিক পৰিবহণ বিভাগ(Transport Department)ৰ । চালক-পৰিচালকসকলৰ বৃত্তিগত দক্ষতা বৃদ্ধি, যাত্ৰীৰ প্ৰতি ব্যৱহাৰ কেনে হোৱা উচিত, পথত গাড়ী সলনিৰ সময়ত মানি চলিবলগীয়া আইন-কানুন, ট্ৰেফিক সংকেত, পথ সুৰক্ষা আদিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় এই প্ৰশিক্ষণ কাৰ্যসূচীত ।

training-for-drivers
গুৱাহাটীত চালকৰ বাবে বছৰজোৰা প্ৰশিক্ষণ কাৰ্যসূচী

গুৱাহাটী, 11 আগষ্ট : অসম চৰকাৰৰ পৰিবহণ বিভাগ(Transport Department)ৰ অধীনৰ চালক(Driver), পৰিচালকসকলৰ একমাত্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান গুৱাহাটীৰ বেতকুছিত অৱস্থিত ৷ গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ লগত জড়িত চালক-পৰিচালকসকলৰ বৃত্তিগত দক্ষতা বৃদ্ধি, যাত্ৰীৰ প্ৰতি ব্যৱহাৰ বা আচৰণ কেনে হোৱা উচিত, পথত গাড়ী সলনিৰ সময়ত মানি চলিবলগীয়া আইন-কানুন, ট্ৰেফিক সংকেত, পথ সুৰক্ষা আদিৰ সন্দৰ্ভত নুন্যতম সজাগতা আনিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে প্ৰতিষ্ঠানটোৱে ।

এই বিষয়টোত আগভাগ লৈছে চালক-পৰিচালক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ আৰু কামৰূপ(ম) ৰ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু দাসে ৷ ইয়াৰ অংশ হিচাপে জিলা পৰিবহণ বিষয়া হিমাংশু দাসে চিটি বাছ, মেজিক বা মেট্ৰ’ শ্বেয়াৰ টেক্সি, অ’লা-উবেৰকে ধৰি গুৱাহাটী মহানগৰীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ সৈতে জড়িত প্ৰায় 2000 জন চালকক সামৰি লৈ আৰম্ভ কৰিছে বছৰজোৰা প্ৰশিক্ষণ কাৰ্যসূচী ।

গুৱাহাটীত চালকৰ বাবে বছৰজোৰা প্ৰশিক্ষণ কাৰ্যসূচী

লগতে পঢ়ক :ধনৰ লোভত পৰি নিলম্বন হ’ল 7 গৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

প্ৰথমবাৰৰ বাবে প্ৰতি সপ্তাহৰ মঙলবাৰ আৰু শুকুৰবাৰে বিদ্যালয়খনৰ উদ্যোগত বেতকুছিত এদিনীয়াকৈ পৰ্যায়ক্ৰমে চালকসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । মঙলবাৰে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ জ্যেষ্ঠ অতিৰিক্ত পৰিবহণ আয়ুক্ত ৰাতুল পাঠকে ।

জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মুখ্য অতিথি ৰাতুল পাঠকে ৰাজহুৱা পৰিবহণ সেৱাৰ চালকসকলৰ সজাগতা বৃদ্ধিৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন আছে বুলি সদৰী কৰে । লগতে চালক-পৰিচালকসকলৰ আচৰণ-ব্যৱহাৰৰ ওপৰতে ৰাজহুৱা পৰিবহণ সেৱাৰ মান বহুখিনি নিৰ্ভৰ কৰে বুলিও মন্তব্য কৰে মুখ্য অতিথিগৰাকীয়ে ।

লগতে পঢ়ক :উত্তৰ-পূৱৰ দীৰ্ঘদিনীয়া সীমা বিবাদে কাঢ়ি নিছে 157 গৰাকী নিৰীহৰ প্ৰাণ

আনহাতে, বিশিষ্ট অতিথি হিচাপে ভাগ লৈ গুৱাহাটী মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত মাধুৰীমা দাস আৰু অপৰাধ শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত নোমল মাহাতোৱে চালকসকলক পথত মানি চলিবলগীয়া যান-বাহন আইন সন্দৰ্ভত ভাষণ আগবঢ়ায় ।

ইয়াৰোপৰি, উক্ত সভাত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াদ্বয় গৌতম দাস আৰু ৰফিকুল ইছলাম, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বেতকুছিৰ আই এছ বি টিৰ মাণ্ডলিক অধীক্ষক জয়ন্তজিৎ বৰাই বক্তব্য আগবঢ়ায় । সভাত উপস্থিত থাকে জিলাখনৰ যান-বাহন পৰিদৰ্শক, প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক, প্ৰৱৰ্তক চেকাৰ । প্ৰথম দিনটোৰ প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ 77 জন প্ৰশিক্ষাৰ্থী চালকক মানপত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক :নেহেৰু ষ্টেডিয়ামৰ নাম সলনি কৰাৰ কথা কিয় ক’লে পীযুষ হাজৰিকাই ?

ABOUT THE AUTHOR

...view details