গুৱাহাটী,16 মে': গুৱাহাটীৰ যোৰপুখুৰীস্থিত সাধনা নিলয়মত দিনযোৰা কাৰ্যসূচীৰ অনুষ্ঠিত কৰা হয় দুৰ্যোগ প্ৰশমন প্ৰশিক্ষণ আৰু সজাগতা সভা(Training cum awareness programme on Disaster Management) । শ্ৰী সত্য সাই সেৱা সংগঠন অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সৌজন্যত আৰু শ্ৰী সত্য সাই সেৱা সমিতি গুৱাহাটীৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এই সভাখন ।
পুৱা ৯ বজাত সংগঠনৰ পতাকা উত্তোলন কৰে শ্ৰী সত্য সাই সেৱা সংগঠন ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ সভাপতি সত্যেন শৰ্মাই । ইয়াৰ পাছত বন্তি প্ৰজ্বলন কৰে, ইলি চাংকাকটিয়ে । এই প্ৰশিক্ষণত ৩৩ গৰাকী মহিলা আৰু ৫৭ জন পুৰুষ মুঠ ৯০ গৰাকী প্ৰশিক্ষাৰ্থী যোগদান কৰে ।
অসামৰিক প্ৰতিৰক্ষা বিভাগ, কামৰূপ মহানগৰ গুৱাহাটীৰ পৰা ৫ জন বিষয়াৰ উপস্থিতিত এই দিনজোৰা প্ৰশিক্ষন কাৰ্যসূচী অতি সুন্দৰ আৰু সফলভাৱে সম্পাদন হয় । জৰুৰীকালীন দুৰ্ঘটনাৰ সময়ত প্ৰাথমিক নিৰাপত্তাৰ লগতে পৰিস্থিতি অনুযায়ী জৰুৰীকালীন সেৱা দিবলৈ বিভিন্ন পৰ্যায়ত কি কি বিষয় আৰু কাৰ্যৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰ বিস্তৰ বাখ্যা সঁজুলিৰ সৈতে দাঙি ধৰে(Attempts to make people aware of disasters) ।