গুৱাহাটী, 30 জুলাই : ‘‘আজিৰ দৰে খেলিলে লাভলীনা বৰগোহাঁই (Lovlina Borgohain)য়ে সোণৰ পদক (Gold Medal) লাভ কৰাতো নিশ্চিত । গুৰু হিচাপে আজি মই গৌৰাম্বিত’’ । শুকুৰবাৰে চলিত টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ বক্সিঙত মহিলাৰ 69 কেজি শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাচতে এইদৰে উৎফুল্লিত হৈ পৰে লাভলীনাৰ প্ৰশিক্ষক পদুম চন্দ্ৰ বড়ো (Padum Chandra Boro) ৷
এই জয়েৰে টকিঅ’ অলিম্পিকত নতুন ইতিহাস ৰচিলে লাভলীনা বৰগোহাঁইয়ে । কোৱাৰ্টাৰ ফাইনেল (Quarter Final)ত জয়লাভ কৰাৰ পাচতেই টকিঅ’ অলিম্পিকত পদক নিশ্চিত হ’ল লাভলীনা বৰগোহাঁইৰ । শিষ্যৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে গুৰু পদুম চন্দ্ৰ বড়ো ।
লগতে পঢ়ক :Tokyo Olympics : বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই