গুৱাহাটী,17 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে ব্যাহত হৈ আছিল ৰে'ল সেৱা । উজনি-নামনি সকলোতে বন্ধ কৰা হৈছিল ৰে'ল চলাচল। কিন্তু শেহতীয়াকৈ পৰিস্থিতি উন্নত হোৱাত ৰে'ল চলাচল আৰম্ভ কৰা হৈছে । সোমবাৰে প্ৰায় ৬০ খনকৈ ৰে'ল বাতিল কৰিছিল বিভাগীয় কৰ্তৃপক্ষই। যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰে ১১খনকৈ ৰে'ল মঙলবাৰে চলাচল আৰম্ভ কৰিছে ৰে'ল বিভাগে । ইফালে কলকাতাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে অসমৰ পৰা কলকাতালৈ যোৱা সকলো ৰে'ল। এই কথা জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে। উল্লেখযোগ্য যে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি এনেদৰেই থাকিলে কাইলৈ সকলো ৰে'ল চলাচল আৰম্ভ কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ।
বুধবাৰৰ পৰা আৰম্ভ হ'ব সকলো ৰে'লৰ চলাচল
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে অসমত সমগ্ৰ ৰাজ্যত বন্ধ কৰা হৈছিল ৰে'ল চলাচল ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিত উন্নত হোৱাত বুধবাৰৰ পৰা আৰম্ভ হ'ব ৰাজ্যত ৰে'ল চলাচল ৷
বুধবাৰৰ পৰা আৰম্ভ হ'ব সকলো ৰে'লৰ চলাচল