অসম

assam

ETV Bharat / state

দ্বৈত ৰে’ল লাইন নিৰ্মাণৰ বাবে বহুকেইখন ৰে’ল বাতিল

16 খনকৈ ৰে’ল বাতিল কৰাৰ সিদ্ধান্ত ৷ দ্বৈত ৰে’ল লাইন নিৰ্মাণৰ বাবে বাতিল বহুকেইখন ৰে’ল ৷ পহিলা জুলাইৰ পৰা সলনি হ'ব উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সময়সূচী ৷

By

Published : Jun 30, 2019, 10:43 AM IST

দ্বৈত ৰেল লাইন নিৰ্মাণৰ বাবে বহুকেইখন ৰেল বাতিল

গুৱাহাটী, 30 জুন : দ্বৈত ৰে’ল লাইন নিৰ্মাণৰ বাবে বাতিল কৰা হৈছে বহুকেইখন ৰে’ল ৷ গুৱাহাটী-মৰিয়নী ইন্টাৰচিটি এক্সপ্ৰেছ 3 জুলাইৰ পৰা 9 জুলাইলৈ, নাগালেণ্ড এক্সপ্ৰেছ 7 ৰ পৰা 8 জুলাইলৈ, বিজি এক্সপ্ৰেছ 7 ৰ পৰা 9 জুলাইলৈ বাতিল কৰা হৈছে । মুঠ 16 খনকৈ ৰে’ল বাতিল কৰাৰ সিদ্ধান্ত লৈছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেয়ে ।

দ্বৈত ৰেল লাইন নিৰ্মাণৰ বাবে বহুকেইখন ৰেল বাতিল

ইফালে, পহিলা জুলাইৰ পৰা সলনি হ'ব উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সময়সূচী । প্ৰতিবছৰৰ নিয়ম অনুসৰি 5-30 মিনিট পৰ্যন্ত সময়সীমা সাল-সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ পূৱ সীমান্ত ৰে’লৱেয়ে । দূৰণিবতীয়া লগতে সাধাৰণ ৰে’লকে ধৰি মুঠ 67 খন ৰে’লৰ সময়সূচী সলনি কৰা হৈছে । ইফালে, দ্বৈত ৰে’ল লাইন নিৰ্মাণ কৰি থকা বাবে বহুকেইখন ৰে’ল বাতিল কৰাৰ কথাও জনাই উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।

ABOUT THE AUTHOR

...view details