গুৱাহাটী,২৩ মে': টাউতেৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছতে দেশৰ ভিন্ন প্ৰান্তত পুনৰ তাণ্ডৱ চলাবলৈ আহি আছে সাগৰীয় ঘূৰ্ণী য়াছ ৷ ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত বিশেষকৈ ওড়িশা আৰু পশ্চিমবংগত জাৰি কৰা হৈছে সতৰ্কতা ৷ 24 মে’ৰ সন্ধিয়াৰ ভাগত এই ঘূৰ্ণীয়ে দুয়োখন ৰাজ্য কোবাই যোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ৷ তাৰ বাবে সষ্টম হৈ পৰিছে বহুকেইটা উদ্ধাৰকাৰী অভিযানৰ দল ৷ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এই সন্দৰ্ভত দেওবাৰে অনুষ্ঠিত হৈ যায় এক পৰ্যালোচনা বৈঠক ৷ য’ত অংশগ্ৰহণ কৰে দেশৰ জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিনিধি, টেলিকম, শক্তি, অসামৰিক বিমান পৰিবহণ, বৈজ্ঞানিক মন্ত্ৰালয়ৰ সচিবসকলে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য মন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে ৷
এই ঘূৰ্ণীৰ কবলত পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চল ৷ এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ নিৰাপত্তাৰ দিশৰ পৰা চালি-জাৰি চাই ইতিমধ্যে সষ্টম হৈ পৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে ৷ সেই অনুসৰি, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাব লগীয়া 6 খন ৰে’লৰ লগতে দক্ষিণ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ আহিব লগীয়া 6 খন ৰে’লকে ধৰি মুঠ ১২ খন ৰে’লৰ যাত্ৰা বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে-এ ৷