অসম

assam

ETV Bharat / state

Assam Police: সংস্কাৰমুখী আৰক্ষীৰ জিম্মাত ৰাজ্যত এবছৰত প্ৰাণ গ'ল এঘাৰজনৰ - Assam CM HBS

অসমত বৃদ্ধি পাইছে আৰক্ষীৰ জিম্মাত নিহত লোকৰ সংখ্যা ৷ পূৰ্বৰ তুলনাত ২০২২-২৩ বিত্তীয় বৰ্ষত ১১জন লোকৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে । আৰক্ষীৰ জিম্মাত সৰ্বাধিক লোকৰ মৃত্যু হৈছে মধ্যপ্রদেশত।

Assam Police
অসমে পালে 5 স্মাৰ্ট আৰক্ষীৰ কাটিচে নাক

By

Published : Aug 6, 2023, 2:52 PM IST

গুৱাহাটী,৬ আগষ্ট: অসম আৰক্ষী স্মাৰ্ট হ’ল নে নহ’ল সেয়া ৰাইজে দেখিছে ৷ আৰক্ষীৰ ভিতৰচোৱাত ব্যাপক সংস্কাৰ কথা কৈ থাকে মুখ্যমন্ত্ৰীয়ে ৷ আৰক্ষীক সাধাৰণ ৰাইজৰ লগত সু-সম্পৰ্ক বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে ৷ অসম আৰক্ষীৰ সংস্কাৰ সাধনৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও বিশেষভাৱে তৎপৰ হৈছে । আৰক্ষীৰ লোকসকলক কেতবোৰ নিৰ্দেশনা দিয়াৰ লগতে কঠোৰ সকীয়নিও প্ৰদান কৰা হৈছে । কিন্তু এই তৎপৰতাৰ পাচতো অসম আৰক্ষী বদনামৰ পৰা মুক্ত হ'ব পৰা নাই ।

আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস হোৱাৰ বিপৰীতে অসমত এনে ঘটনা বৃদ্ধিহে পাইছে । আনকি এইক্ষেত্রত অসমৰ স্থান দেশৰ ভিতৰত পঞ্চম স্থানত আছে । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সবলীকৰণ তথা আৰক্ষীক জনতাৰ সেৱক হিচাপে গঢ়ি তোলাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। কিন্তু সেই সময়তে অসমত উদ্বেগজনকভাৱে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে । এই তথ্য প্ৰকাশ পাইছে সংসদৰ মজিয়াত।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাত প্ৰকাশ কৰা তথ্য অনুসৰি বিগত পাঁচ বৰ্ষত অসমত মুঠ ২৮ জন লোকৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে । ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰাজ্যখনত ৫ জন, ২০১৯-২০ বিত্তীয় বৰ্ষত ২ জন, ২০২০-২১ বিত্তীয় বৰ্ষত এজন, ২০২১-২২ বিত্তীয় বৰ্ষত ৯ জন আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ১১জন লোকৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে ।

অর্থাৎ পূৰ্বৰ বছৰসমূহৰ তুলনাত শেহতীয়া দুটা বছৰত ৰাজ্যখনত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । তথ্য অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত আৰক্ষীৰ জিম্মাত সৰ্বাধিক লোকৰ মৃত্যু হৈছে মধ্যপ্রদেশত । মধ্যপ্ৰদেশত উক্ত বৰ্ষটোত মৃত্যু হৈছে ২৩জন লোকৰ । ইয়াৰ পাচতে এই তালিকাৰ দ্বিতীয় স্থানত থকা বিহাৰত বিগত বৰ্ষত ১৬ জন, তৃতীয় স্থানত থকা পশ্চিম বংগত ১৫ জন লোকৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে । সেইদৰে চতুর্থ স্থানত আছে গুজৰাট ।

উল্লেখ্য যে অসমত এনেদৰে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে বিগত বৰ্ষত মিজোৰাম, নগালেণ্ড, মেঘালয়, ছিকিম, পণ্ডিচেৰী, চণ্ডীগড় আদি ৰাজ্যত এজনো লোক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা নাই । লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাচতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ হাতত অধিক ক্ষমতা প্রদান কৰিছিল । যাৰ ফলত বিগত সময়ছোৱাত ৰাজ্যখনত এনকাউণ্টাৰৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ ইফালে মুখ্যমন্ত্রীয়ে বাৰম্বাৰ আৰক্ষীক নিজৰ দায়িত্ব আৰু কৰ্তব্য সোঁৱৰাই থকাৰ বিপৰীতে দুটা বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে ।

লগতে পঢ়ক:Mysterious Kidnapping in Guwahati : মহানগৰীত ৰহস্যজনক অপহৰণ কাণ্ড; সন্ধানহীন ভ্ৰাতৃ-ভগ্নী

ABOUT THE AUTHOR

...view details