গুৱাহাটী,২৫ ফ্ৰেব্ৰুৱাৰী:বৃহস্পতিবাৰে নিশা মহানগৰীৰ হাতীগাঁৱত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা (Massive fire in Guwahati) ৷ হাতীগাঁও চাৰিআলিৰ অজন্তা পথৰ ৰিজু আলী নামৰ এজন ব্যক্তিৰ ভাৰাতীয়া আবাসীক চৌহদত সূত্ৰপাত হৈছিল জুইৰ ৷ নিশা প্ৰায় ১১ বজাত এটা ভাৰাঘৰৰ পৰা জুইৰ সূত্ৰপাত ঘটা বুলি সন্দেহ কৰা এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে, মূহুৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই ছানি ধৰে সমগ্ৰ আবাসীক চৌহদটো(Fire broke out at Hatigaon) ৷
অগ্নিকাণ্ডটো ইমানেই ভয়াৱহ আছিল য’ত আবাসীক চৌহদটোৰ এটা ঘৰো বাছি যোৱা নাছিল জুইৰ পৰা ৷ ১৫ টাতকৈও অধিক চিলিণ্ডাৰ বিস্ফোৰণ ঘটা এই অগ্নিকাণ্ডত দুখন চাৰিচকীয়া বাহনৰ লগতে জাহ যায় এখন দুচকীয়া বাহন ৷ প্ৰাপ্ত তথ্য অনুসৰি অগ্নিকাণ্ডত জাহ গৈছে প্ৰায় ১২৭ টা বাসগৃহ ৷ এই বিধংসী অগ্নিকাণ্ডত আবাসীক এলেকাটোত থকা কোনো লোকে একো এটা সম্পত্তি বচাব নোৱাৰিলে ৷
জুইত আবাসীসকলৰ সকলো জাহ যোৱাৰ পিছত পুৱাৰ ভাগত সমগ্ৰ অঞ্চলটোত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়(Tragedy of people affected in Hatigaon fire) । ভুক্তভোগীসকলে নিশা কাষতে থকা হাতীগাঁও জামে মছজিদত জিৰণি লৈ পুৱা সকলোৱে জুইত জাহ যোৱা নিজৰ আপোন ঘৰখনত থোৱা নিজৰ নিজৰ মূল্যবান সামগ্ৰীসমূহ বিচৰাত লাগে যদিও কোনো এবিধ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল । ধংসস্তুপৰ মাজত এজন ব্যক্তিয়ে তেওঁৰ সন্তানে এটকা দুটকাকৈ জমা কৰা টকাখিনি বিচাৰি থকা এক কৰুণ দৃশ্যই সকলোকে আবেগিক কৰি তোলে । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও এগৰাকী বৃদ্ধাৰ চৌকাৰ পৰাই জ্বইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে ভুক্তভোগীসকলে(Massive fire breaks out in Guwahati) ।