গুৱাহাটী, 2 ডিচেম্বৰ : বুধবাৰে মহানগৰীত যান-বাহন চলাচল আইন উলংঘা (Traffic rules violation in guwahati) কৰাৰ 277 টা গোচৰ ৰুজু কৰাৰ লগতে মহানগৰ আৰক্ষীয়ে 46 হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰে ৷ পথ সুৰক্ষা সজাগতা আৰু হ’ব পৰা দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে হেলমেট পৰিধান বাধ্যতামূলক কৰিছে কামৰূপ(ম) জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে (kamrup police is becoming strict of wearing helmet) ৷
ৰাজ্য চৰকাৰে পূৰ্বতে ঘোষণা কৰা যান-বাহন সতৰ্কিত আইন অনুসৰি গুৱাহাটী মহানগৰীত বুধবাৰৰ পৰা বিশেষ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে (special mission by guwahati traffic to wear helmet) ৷ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে গণেশগুৰি আৰু চানমাৰিত এই বিশেষ অভিযান চলায় ৷