অসম

assam

ETV Bharat / state

প্ৰতিমা বিসৰ্জনৰ সময়ত যান-বাহন চলাচলৰ বিশেষ নিয়ম মহানগৰীত - প্ৰতিমা কঢ়িওৱা বাহন

প্ৰতিমা বিসৰ্জনৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত গুৱাহাটীত বিশেষ ব্যৱস্থা হাতত লৈছে যান-বাহন আৰক্ষীয়ে । কি আছে এই নিয়মত সবিশেষ জানো আহক ৷

traffic-rule-in-guwahti-during-visharjan-in-vijoya-dashami
প্ৰতিমা বিসৰ্জনৰ সময়ত যান-বাহন চলাচলৰ বিশেষ নিয়ম

By

Published : Oct 15, 2021, 4:04 PM IST

গুৱাহাটী, ১৫ অক্টোবৰ : প্ৰায় পাঁচ শতাধিক পূজাৰ প্ৰতিমা বিসৰ্জনৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা হাতত লৈছে গুৱাহাটী মহানগৰীৰ যান-বাহন আৰক্ষীয়ে । সেই অনুসৰি পাণ্ডু ঘাট আৰু কাছমাৰী ঘাটত লোৱা হৈছে বিশেষ ব্যৱস্থা । এই ব্যৱস্থা অনুসৰি চান্দমাৰীৰ পৰা জালুকবাৰী দিশলৈ অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহ বাদ দি অন্যান্য যান বাহন এম চি ৰোডত প্ৰৱেশ কৰিব নোৱাৰিব ।

প্ৰতিমা বিসৰ্জনৰ সময়ত যান-বাহন চলাচলৰ বিশেষ নিয়ম

একেদৰে ভৰলুমুখ আৰু ফটাশিল দিশৰ পৰা প্ৰতিমা বিসৰ্জনৰ বাবে অহা বাহন সমূহ এ টি ৰোড আৰু ডি জি ৰোড হৈ পাণ্ডুলৈ যাব পাৰিব । প্ৰতিমা কঢ়িওৱা গাড়ীৰ বাহিৰে আন কোনো যান-বাহন জিলা পুথিভঁৰাল পইন্টৰে জি এন বি ৰোডৰ পৰা কে এল বি ৰোডৰ দিশে ঘূৰিব নোৱাৰিব । একেদৰে, উজানবজাৰ, খাৰঘুলি আৰু নুনমাটি দিশৰ পৰা অহা বাহনসমূহ তৈয়বুল্লা ৰোড আৰু জি এন বি ৰোডেৰে গতি কৰিব পাৰিব ।

প্ৰতিমা বিসৰ্জনৰ সময়ত যান-বাহন চলাচলৰ বিশেষ নিয়ম

উলুবাৰীৰ পৰা টি চি পইন্টলৈ বি বৰুৱা ৰোডেৰে কোনো প্ৰতিমা কঢ়িওৱা গাড়ী চলাচল কৰিব নোৱাৰিব । চানমাৰি ফালৰ পৰা অহা সকলো প্ৰতিমা কঢ়িওৱা গাড়ী টি চি পইন্টৰ পৰা এম চি ৰোড আৰু এফ চি ৰোড হৈ এম জি ৰোডৰ দিশে যাব পাৰিব ।

কুমাৰপাৰা, আঠগাঁও, ফটাশিল অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহন সমূহ এ টি ৰোড, টি আৰ পি ৰোড, কেদাৰ ৰোড আৰু এম চি ৰোড হৈ কাছমাৰী ঘাটলৈ যাব পাৰিব । একেদৰে ৰাজগড়, ভঙাগড়, খ্ৰীষ্টানবস্তি আদিৰ ফালৰ পৰা অহা প্ৰতিমা কঢ়িওৱা গাড়ীসমূহ আৰ জি বৰুৱা ৰোড, মণিৰাম দেৱান ৰোড, গুৱাহাটী ক্লাৱ, টি চি পইন্ট হৈ কাছমাৰী ঘাটলৈ যাব পাৰিব ।
লগতে পঢ়ক :গুৰুজনাৰ আবিৰ্ভাৱ তিথিত আউনীআটী শাখা সত্ৰত সেৱা ল’লে সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details