অসম

assam

ETV Bharat / state

মাৰাথনৰ নামত গুৱাহাটীত সৃষ্টি তীব্ৰ যানজঁট - The Great Guwahati Marathon 2020

দ্য গ্ৰেট গুৱাহাটী মাৰাথন প্ৰতিযোগিতা উপলক্ষে খানাপাৰাৰ পৰা এবিচি অভিমুখী জি এছ ৰোডটো সুদীৰ্ঘ সময়ৰ বাবে বন্ধ কৰি দিয়া হয় । ফলত সৃষ্টি হয় তীব্ৰ যান-জঁট ৷ ভুক্তভোগী জনতাই মাৰাথন অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰদান কৰাৰ বাবে প্ৰশাসনক দোষী সাব্যস্ত কৰে ৷

traffic at guwahati due to marathon 2020
গুৱাহাটীত তীব্ৰ যানজঁট

By

Published : Mar 2, 2020, 2:59 AM IST

গুৱাহাটী,1 মাৰ্চঃগুৱাহাটী মহানগৰীৰ বাবে যানজঁটৰ সমস্যা কোনো নতুন কথা নহয় ৷ কিন্তু আনদিনাৰ তুলনাত দেওবাৰে মহানগৰীৰ ৰাজপথত তুলনামূলকভাৱে যানজঁট কিছু কম হোৱা পৰিলক্ষিত হয় ৷ কিন্তু মাৰ্চৰ 1 তাৰিখে দ্য গ্ৰেট গুৱাহাটী মাৰাথন প্ৰতিযোগিতাৰ বাবে দেখা গ’ল এক বিপৰীত ছবি । মহানগৰবাসীয়ে তীব্ৰ যান-জঁটৰ ফলত ভুগিব লগা হ’ল দুৰ্ভোগ । প্ৰায় 2-3ঘণ্টা পৰ্যন্ত যান-জঁটত আবদ্ধ হৈ থাকিল মহানগৰবাসী । লগতে আদবাটতে আবদ্ধ হৈ ৰ’ল এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন সেৱাসমূহো ৷

গুৱাহাটীত তীব্ৰ যানজঁট

দ্য গ্ৰেট গুৱাহাটী মাৰাথন প্ৰতিযোগিতা উপলক্ষে খানাপাৰাৰ পৰা এবিচি অভিমুখী জি এছ ৰোডটো সুদীৰ্ঘ সময়ৰ বাবে বন্ধ কৰি দিয়া হয় । ফলত সৃষ্টি হয় তীব্ৰ যান-জঁট ৷ উল্লেখ্য যে,প্ৰথমবাৰৰ বাবে অসমত আয়োজিত নৈশ মাৰাথনত অংশগ্ৰহণৰ বাবে আহিছিল দেশী-বিদেশী প্ৰতিযোগীসকল ৷ সেইসূত্ৰে প্ৰতিযোগিতাখনে এক ইতিবাচক বাৰ্তা কঢ়িয়ালেয়ো যান-জঁটে বাৰুকৈয়ে জ্বলা-কলা খুৱালে মহানগৰবাসীক । ভুক্তভোগী জনতাই মাৰাথন অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰদান কৰাৰ বাবে প্ৰশাসনক দোষী সাব্যস্ত কৰে ৷

লগতে চাওকঃগুৱাহাটী প্ৰেছ ক্লাৱত ৰহস্যজনক অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details