গুৱাহাটী, ২৮ নৱেম্বৰ : গুৱাহাটী উচ্চ ন্যায়ালয়ক স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে ৰাজ্য চৰকাৰে এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰস্বৰূপ ফাঁচী বজাৰৰ পাইকাৰী বজাৰখন স্থানান্তৰৰ পৰিকল্পনা লৈছে । ইয়াকে লৈ ফাঁচীবজাৰত বছৰ বছৰ ধৰি ব্যৱসায় কৰি অহা ব্যৱসায়ীসকল শংকিত হৈ পৰিছে ।
ফাঁচীবজাৰৰ অধিকাংশ ব্যৱসায়ীয়ে চৰকাৰৰ এই পৰিকল্পনাৰ বিৰোধিতা কৰিছে । উল্লেখ্য যে, গুৱাহাটী উন্নয়ন তথা নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহলে মঙলবাৰে কয় যে মহানগৰীত যান-জঁটৰ সমস্যাৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ফাঁচী বজাৰৰ পাইকাৰী বজাৰখন স্থানান্তৰৰ বিকল্প নাই ।
মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ফাঁচী বজাৰ এলেকাত থকা শাক-পাচলিৰ পাইকাৰী বজাৰখন পামহীলৈ স্থানান্তৰ কৰা হৈছিল । এইবাৰ সমগ্ৰ পাইকাৰী বজাৰখনেই চাংসাৰী নতুবা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ প্ৰস্তাৱ লোৱা হৈছে আৰু তাৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত সংহত মাষ্টাৰ প্লেনো যুগুতাই উলিওৱা হৈছে ।
মন্ত্ৰীগৰাকীয়ে কয় যে মহানগৰীখনক ভয়াৱহ যানজঁটৰ পৰা উদ্ধাৰৰ বাবে যি মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে, তাৰ অংশ হিচাবেই ফাঁচী বজাৰৰ পাইকাৰী বজাৰ স্থানান্তৰ কৰা হ'ব ৷ বজাৰখন চাংসাৰী বা উত্তৰ গুৱাহাটীত হ'লে সামগ্ৰী সৰবৰাহকাৰী যান-বাহনবোৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ নকৰাকৈ বাহিৰে বাহিৰে যাতায়াত কৰিব পাৰিব আৰু গুৱাহাটীত পথচাৰী-যাত্ৰী-চালকে যানজঁটৰ পৰা সকাহ পাব বুলি তেওঁ মন্তব্য কৰে ।