অসম

assam

ETV Bharat / state

অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত টয়'টা কাৰিকৰী শিক্ষা কাৰ্যসূচী মুকলি - টয়টা কাৰিকৰী শিক্ষা কাৰ্যসূচী মুকলি

মুকলি কৰা হ'ল টয়'টা কিলোস্কা মটৰ (Toyota Kiloska Motor)ৰ উদ্যোগত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সহযোগত অভিযান্ত্ৰিক প্ৰতিষ্ঠানত টয়'টা কাৰিকৰী শিক্ষা কাৰ্যসূচী(Toyota Technical Education Programme) ।

toyota technical education programme launched
অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত টয়টা কাৰিকৰী শিক্ষা কাৰ্যসূচী মুকলি

By

Published : Sep 23, 2022, 2:19 PM IST

গুৱাহাটী,২২ ছেপ্টেম্বৰ:টয়'টা কিলোস্কা মটৰ (Toyota Kiloska Motor)ৰ উদ্যোগত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সহযোগত অভিযান্ত্ৰিক প্ৰতিষ্ঠানত টয়'টা কাৰিকৰী শিক্ষা কাৰ্যসূচী(Toyota Technical Education Programme) মুকলি কৰা হয় । উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ দক্ষতা বিকাশ আৰু নিযুক্তি বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়ে মুকলি কৰে উক্ত অনুষ্ঠানটিৰ ।

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি চক্ৰৱৰ্তীয়ে কয় য়ে গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সহযোগত টয়'টা কিলোস্কাৰ মটৰ উদ্যোগে অত্যন্ত দক্ষ নিয়োগযোগ্য আৰু ভৱিষ্যতৰ বাবে সাজু হোৱা যুৱক-যুৱতীসকলক বিকশিত কৰাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰভাৱ পেলাব । টয়'টাৰ দৰে উদ্যোগৰ অংশীদাৰসকলৰ সহযোগিতাৰ এই প্ৰচেষ্টাক শলাগ লয় প্ৰধান সচিবগৰাকীয়ে ।

তেঁও কয় যে ভাৰত চৰকাৰৰ স্কিল ইণ্ডিয়া মিছনৰ সৈতে সংযোজিত বৰ্তমানৰ দক্ষতাৰ ব্যৱধান দুৰ কৰাত টয়'টাৰ দৰে উদ্যোগৰ অংশীদাৰসকলৰ সহযোগিতাই সহায় কৰিব আৰু অসমত বিশ্বমানৰ কৰ্মশক্তি বিকাশত সহায় কৰিব । অনুষ্ঠানত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিব এম এছ মণিভান্নন, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ অক্ষয় চি কলিতা আৰু কাৰিকৰী শিক্ষাৰ অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে গার্গিয়া টয়'টাৰ ডিলাৰ অধ্যক্ষ ৰাহুল দেৱ শৰ্মা, TKM মুৰব্বী আৰু কাৰ্যবাহী উপ-সভাপতি বিক্রম গুলাটি, মহাপ্ৰৱন্ধক-সহযোগী বৰিন্দ্ৰ কুমাৰ ৱাধৱা আৰু টিকেএমৰ উপ মহাপ্ৰৱন্ধক নৰেন্দ্ৰ কুক্ৰেটিৰ উপস্থিত থাকে ।

উল্লেখযোগ্য যে বৰ্তমানলৈকে TKM য়ে সমগ্র দেশৰ ২২ খন ৰাজ্যক সামৰি ৫৫ টা আইটিআই/পলিটেকনিক প্ৰতিষ্ঠানত টয়'টা কাৰিকৰী শিক্ষা কাৰ্যসূচী আৰম্ভ কৰিছে । বর্তমান ১০,০০০ ৰো অধিক শিক্ষার্থীক প্রশিক্ষণ দিয়া হৈছে আৰু ৭০% শিক্ষার্থীয়ে দেশৰ বিভিন্ন অটোমোবাইল কোম্পানীৰ ডিলাৰশ্বিপত কাম কৰি আছে ।

লগতে পঢ়ক:এইবাৰ হালধি খেতিত উদ্ধাৰ হ’ল গাঞ্জা

ABOUT THE AUTHOR

...view details