অসম

assam

By

Published : Dec 13, 2019, 3:52 PM IST

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ বিদেশী পৰ্যটক

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্যত সৃষ্টি হোৱা অগ্নিগৰ্ভা পৰিস্থিতিৰ বাবে অসমলৈ অহা বহুসংখ্যক বিদেশী পৰ্যটক বিভিন্ন ঠাইত আবদ্ধ হৈ পৰিছে । পৰ্যটন বিভাগৰ সঞ্চালক দেৱপ্ৰসাদ মিশ্ৰই ই টিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে এই কথা ৷

tourist blocked guwahati
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ বিদেশী পৰ্যটক

গুৱাহাটী, 13 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্যত সৃষ্টি হোৱা অগ্নিগৰ্ভা পৰিস্থিতিৰ বাবে অসমলৈ অহা বহুসংখ্যক বিদেশী পৰ্যটক বিভিন্ন ঠাইত আৱদ্ধ হৈ পৰিছে । পৰ্যটন বিভাগৰ সঞ্চালক দেৱপ্ৰসাদ মিশ্ৰই ই টিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে এই কথা ৷ তথ্য অনুসৰি , কাজিৰঙাত ১৬ গৰাকী বিদেশী পৰ্যটক আবদ্ধ হৈ আছে ৷ তেওঁলোকে কাজিৰঙাৰ পৰা ডাউকী হৈ বাংলাদেশলৈ যোৱাৰ কথা আছিল ৷ বৰ্তমান তেওঁলোকক কাজিৰঙাৰ পৰা অনা হৈছে বৰঝাৰলৈ ৷ বৰঝাৰৰ পৰা কলকাতা হৈ তেওঁলোক এতিয়া বাংলাদেশলৈ যাব ৷

আনহাতে, মাজুলীৰ পৰা ব্ৰহ্মপুত্ৰৰে কাজিৰঙালৈ আহি থকা ৮ গৰাকী পৰ্যটক বৰ্তমান পানীৰ মাজত আবদ্ধ হৈ আছে ৷ তেওঁলোককো সুকলমে কাজিৰঙালৈ অনাৰ ব্যৱস্থা কৰি আছে পৰ্যটন বিভাগে ৷ এই সকলো পৰ্যটক আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ বুলি প্ৰকাশ কৰিছে সঞ্চালক গৰাকীয়ে ৷ লগতে কয় যে, এই সময়চোৱা অসমৰ পৰ্যটন উদ্যোগৰ বাবে উপযুক্ত সময় ৷ এনে প্ৰেক্ষাপটত অসমৰ পৰ্যটন উদ্যোগ অধিক ক্ষতিগ্ৰস্ত হৈছে বুলিও মন্তব্য কৰে সঞ্চালক মিশ্ৰই ৷

ABOUT THE AUTHOR

...view details