গুৱাহাটী, ১০ ছেপ্টেম্বৰ : “ভাৰতীয় জনতা পাৰ্টীৰ বাবে অসমৰ চাহ বাগিচা হ’ল ঘৰ । ঘৰত আমি সদায় থাকো । ঘৰৰ উন্নয়নৰ লগতে সুৰক্ষাৰ বাবে সদায় কাম কৰো । আমি আৰু বাগিচাই বাগিচাই ঘূৰিব লাগে বুলি নাভাবো ৷” কংগ্ৰেছ দলৰ ‘‘বাগানে বাগানে’’ যাত্ৰা কাৰ্যসূচীক সমালোচনা কৰি এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
লগতে সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, “ কংগ্ৰেছ দল চাহ বাগিচাৰ লোকসকলৰ লগত বহুদিনৰে পৰা বিচ্ছিন্ন হৈ আছে । কেৱল আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিহে বাগানে বাগানে ঘূৰিছে কংগ্ৰেছ নেতৃত্ব । বাগানলৈ গৈ পৰ্যটনৰ কাম কৰিছে ৷ গতিকে পৰ্যটন মন্ত্ৰী হিচাপে মই ভাল পাইছো’’ ৷
বাগানত বিজেপি চৰকাৰখনে নিৰ্মাণ কৰা পথৰ লগতে বিভিন্ন ধৰণৰ উন্নয়নমূলক কামসমূহ কংগ্ৰেছ নেতৃত্বই পৰিদৰ্শন কৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।