অসম

assam

ETV Bharat / state

Attractive tourist destination in Guwahati: ব্ৰহ্মপুত্ৰৰ বালি চাপৰিক লৈ পৰ্যটন বিভাগৰ নতুন পৰিকল্পনা - ব্ৰহ্মপুত্ৰৰ বালি চাপৰি

গুৱাহাটীৰ ওচৰৰ বালিচাপৰিত স্থায়ী পৰ্যটন তথা মনোৰঞ্জন ক্ষেত্ৰ হিচাপে বিকাশৰ পৰিকল্পনা ৰাজ্যৰ পৰ্যটন বিভাগৰ(Attractive tourist destination in Guwahati) । নৱবৰ্ষৰ পহিলা দিনটোতে সুবিধা ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব এই পৰ্যটন ক্ষেত্ৰ । ফেৰীৰে এই বালিচাপৰিলৈ আহি সকলোৱে ইয়াত থকা মনোৰঞ্জনৰ বিভিন্ন সা-সুবিধা তথা ৰোমাঞ্চকৰ অভিজ্ঞতা উপভোগ কৰিব পাৰিব ।

Attractive tourist destination in Guwahati
ব্ৰহ্মপুত্ৰৰ বালি চাপৰিক পৰ্যটন তথা মনোৰঞ্জন ক্ষেত্ৰ হিচাপে বিকাশৰ পৰিকল্পনা পৰ্যটন বিভাগ

By

Published : Dec 22, 2022, 9:55 PM IST

ব্ৰহ্মপুত্ৰৰ বালি চাপৰিক পৰ্যটন তথা মনোৰঞ্জন ক্ষেত্ৰ হিচাপে বিকাশৰ পৰিকল্পনা পৰ্যটন বিভাগ

গুৱাহাটী,২২ ডিচেম্বৰ:নিজৰ ব্যস্ততাপূৰ্ণ দৈনন্দিন জীৱনৰ পৰা অলপ সকাহ বিচাৰি এতিয়া গুৱাহাটীবাসী যাব পাৰিব ব্ৰহ্মপুত্ৰৰ বালিচৰলৈ । নৈসৰ্গিক সৌন্দৰ্যৰ সৈতে উপভোগ কৰিব পাৰিব পৰম্পৰাগত খেল-ধেমালী, জলক্ৰীড়া, সাংস্কৃতিক অনুষ্ঠান, এনিমেল ছাফাৰী, পেৰাগ্লাইডিং, পৰম্পৰাগত খাদ্য সম্ভাৰ, বজাৰকে ধৰি মনোৰঞ্জনৰ অলেখ সুবিধা । পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈ দৰ্শকৰ বাবে মুকলি থাকিব মনোৰঞ্জনৰ অলেখ সুবিধা থকা এই পৰ্যটন ক্ষেত্র(Attractive tourist destination in Guwahati) ।

উল্লেখ্য যে অসম চৰকাৰৰ পৰ্যটন বিভাগে গুৱাহাটীৰ ওচৰতে বালিচাপৰিত খৰালি কালৰ বাবে এক স্থায়ী পৰ্যটন তথা মনোৰঞ্জন ক্ষেত্ৰ বিকাশৰ পৰিকল্পনা কৰিছে । নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই এই সকলো সুবিধা ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব । আজি পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই(Tourism minister Jayanta Mallabaruah) বিভাগীয় বিষয়াসকলৰ সৈতে এই নতুন প্ৰকল্পস্থলী প্ৰদৰ্শন কৰি ইয়াৰ নিৰ্মাণ তথা সুৰক্ষা আদি সকলো দিশৰ বুজ লয় । ইয়াৰ পাছতে মন্ত্রীগৰাকীয়ে বালিচাপৰিত এখন সংবাদমেল সম্বোধন কৰে ।

তেওঁ কয় যে ব্ৰহ্মপুত্রৰ বালিচাপৰিক স্থায়ীভাৱে নহ'লেও তিনি-চাৰি মাহৰ বাবে পৰ্যটন ক্ষেত্র হিচাপে গঢ়ি তোলা হ'ব । ইয়াত বিভিন্ন ধৰণৰ সা-সুবিধা থাকিব আৰু যাৰ যোগেদি পৰ্যটকসকল আকৰ্ষিত হ'ব । ফেৰীৰে এই বালিচাপৰিলৈ আহি সকলোৱে ইয়াত থকা মনোৰঞ্জনৰ বিভিন্ন সা-সুবিধা তথা ৰোমাঞ্চকৰ অভিজ্ঞতা গ্ৰহণ কৰিব পাৰিব । ইতিমধ্যে ইয়াৰ বাবে কাম আৰম্ভ হৈছে আৰু পহিলা জানুৱাৰীৰ পৰা ব্ৰহ্মপুত্রৰ এই বালিচৰ খেলা-ধূলাকে ধৰি বিভিন্ন ব্যৱস্থাপনাৰ নতুন সংযোজনেৰে মুকলি কৰা হ'ব । পানী নুঠালৈকে বালিচৰ এনেদৰে মুকলি থাকিব বুলি তেওঁ কয় ।

লগতে পঢ়ক :Pengeri Firing Incident: পেঙেৰীত উগ্ৰপন্থী-আৰক্ষীৰ মাজত গুলীয়াগুলী ঘটনা ভুৱা !

ABOUT THE AUTHOR

...view details