অসম

assam

ETV Bharat / state

ৰাজ্যৰ ২০ খনকৈ জিলা পুনৰ বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৭৫ লৈ বৃদ্ধি - assam flood update

পুনৰ বানৰ কবলত পৰিছে ৰাজ্যৰ ২০ খনকৈ জিলা । নেৰানেপেৰা বৰষুণে প্লাবিত কৰিছে ন ন অঞ্চল । নিৰাপদ স্থানৰ সন্ধানত বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি ।

ৰাজ্যৰ ২০ খনকৈ জিলা পুনৰ বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৭৫ লৈ বৃদ্ধি

By

Published : Jul 24, 2019, 11:13 PM IST

গুৱাহাটী,24জুলাইঃ চলিত মাহৰ প্ৰথমটো সপ্তাহৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ৩০ খনকৈ জিলা বানপানীৰ কবলত পৰিছিল । জুলাই মাহৰ মাজভাগত বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাত ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও পুনৰ বৰষুণ আৰম্ভ হোৱাত আকৌ ২০ খনকৈ জিলা বানপানীৰ কবলত পৰিছে । বছৰৰ দ্বিতীয়টো বানপানীৰ কোবত সৰ্বশ্ৰ হেৰুৱাই বৰ্তমানেও আশ্ৰয় শিবিৰত জীৱন নিৰ্বাহ কৰি আছে হাজাৰ হাজাৰ লোক । কিছু সংখ্যক লোকে ঘৰমুৱা হৈছিল যদিও যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত পুনৰ বানে কাল ৰূপ ধৰাত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বৰ্তমান ৰাজ্যৰ ২০খন জিলাৰ ৮৩টা ৰাজহ চক্ৰৰ ২,৯৩৩খন গাঁৱৰ ৩৪,৮২,১৭৯ গৰাকী লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে । ধেমাজি, বিশ্বনাথ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট আৰু কাছাৰ জিলাৰ বহু অঞ্চল পানীৰ তলত আছে ।

ৰাজ্যৰ ২০ খনকৈ জিলা পুনৰ বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৭৫ লৈ বৃদ্ধি

ইপিনে যোৱা ২৪ ঘন্টাত ৰাজ্যত বানৰ ফলত ৬ গৰাকীকৈ লোকৰ মৃত্যু হোৱাত বছৰটোত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে । ইয়াৰে দুগৰাকী লোকৰ মৃত্যু ভূমিস্খলনৰ ফলত হৈছে ।

ABOUT THE AUTHOR

...view details