অসম

assam

ETV Bharat / state

ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 1,56,680 লৈ বৃদ্ধি

ৰাজ্যত ক্ৰমশ বৃদ্ধি পাবলৈ লৈছে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমান ৰাজ্যত 1,56,680 গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে 562 গৰাকীৰ মৃত্যু হয় ৷

TOTAL CORONA POSITIVE IN ASSAM
ৰাজ্যত বৃদ্ধি কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

By

Published : Sep 21, 2020, 7:53 AM IST

নিউজ ডেস্ক, 21ছেপ্টেম্বৰ: ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ সোমবাৰৰ পুৱাৰ ভাগলৈকে ৰাজ্যত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা 1 লাখ 56 হাজাৰ 680 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 562 গৰাকীলৈ ৷ ইয়াৰে 1 লাখ 25 হাজাৰ 540 গৰাকী সুস্থ হৈ উঠিছে আৰু চিকিৎসাধীন হৈ আছে 28,780 গৰাকী ৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য ৷

ABOUT THE AUTHOR

...view details